শোকাৱহ ; ICU ত চিকিৎসাধীন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ হৈ ৭ জনৰ মৃত্যু
ICU ত জীৱন্তে অগ্নিদগ্ধ হৈ ৭ জনৰ মৃত্যু
জয়পুৰৰ ছাৱাই মান সিং (এছ এম এছ) হাস্পতালত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে।চিকিৎসালয়খনত অগ্নিকাণ্ডৰ ফলত ৭ জন ৰোগীৰ মৃত্যু হৈছে।মৃতসকলৰ ভিতৰত দুগৰাকী মহিলাও আছে।
ট্ৰমা চেণ্টাৰৰ দ্বিতীয় মহলাত অৱস্থিত নিউৰ’ আই চি ইউ ৱাৰ্ডৰ ষ্ট’ৰত সংঘটিত হয় এই দুৰ্ঘটনাটো।জানিব পৰা নিশা ১১:২০ বজাত শ্বৰ্ট চাৰ্কিটৰ ফলত ষ্ট’ৰত জুই লাগে।ষ্ট’ৰৰ কাগজ-পত্ৰ, আই চি ইউৰ সামগ্ৰী, ব্লাড চেম্পলাৰ টিউবত অগ্নিসংযোগ হয়।
ইয়াত চিকিৎসালয়খনৰ ট্ৰমা চেণ্টাৰ আৰু ICU কে ধৰি মুঠ ২৪ জন ৰোগীক ভৰ্তি কৰা হৈছিল।আটাইকেইজনকে সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে।
অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে ৰোগীক তাৰ পৰা স্থানান্তৰিত কৰিবলৈ আৰম্ভ কৰে।১১ জন ৰোগীৰ অৱস্থাৰ অৱনতি ঘটে, ইয়াৰে ৭ জনৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে চাৰিজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।
আই চি ইউত ভৰ্তি হোৱা ৰোগীসকলৰ আত্মীয়ই চিকিৎসালয়খনৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে।ভুক্তভোগীৰ আত্মীয়ই জনোৱা মতে, ধোঁৱা বিয়পি পৰাৰ লগে লগে তাত উপস্থিত থকা ৱাৰ্ড বয় আৰু অন্যান্য কৰ্মচাৰীজন নোহোৱা হৈ যায়।
বহু সময়লৈকে ৰোগীসকলক উলিয়াই অনাৰ কোনো ব্যৱস্থা কৰা নহ’ল। ৰোগীসকলৰ আত্মীয়ই নিজেই উদ্ধাৰ কৰে যদিও ৬ জনৰ মৃত্যু হয়।
লগতে পঢ়ক: দাৰ্জিলিংত প্ৰকৃতিৰ তাণ্ডৱ; বৰষুণ আৰু ভূমিস্খলনত ৬০ জনৰ মৃত্যত