সোমবাৰে ইউৰোপীয় সংঘৰ গোপনীয়তা নিৰীক্ষণ সংস্থাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকৰ মালিকনাধীন কোম্পানী মেটাক ২২৩৯ কোটি টকা (২৫১ মিলিয়ন ইউৰো) জৰিমনা বিহিছে । ২০১৮ চনত ফেচবুকৰ ডাটা উলংঘনৰ তদন্তৰ পিছতে এই জৰিমনা বিহা হৈছে, যিয়ে লাখ লাখ একাউণ্টত প্ৰভাৱ পেলাইছিল । আয়াৰলেণ্ডৰ ডাটা প্ৰটেকচন কমিছনে এই উলংঘনৰ তদন্ত সম্পূৰ্ণ কৰাৰ পিছতে এই জৰিমনা বিহে । এই উলংঘনত হেকাৰে ফেচবুকৰ ক’ডত থকা বাগৰ সুবিধা গ্ৰহণ কৰি ইউজাৰ একাউণ্টত প্ৰৱেশ কৰে । ইয়াৰ ফলত হেকাৰে এক্সেছ টোকেন নামেৰে জনাজাত ডিজিটেল কী চুৰি কৰাত সহায় লাভ কৰে ।
সমগ্ৰ ২৭খন দেশৰ ইউৰোপীয় সংঘত কঠোৰ গোপনীয়তা ব্যৱস্থাৰ অধীনত, আয়াৰলেণ্ডৰ তথ্য সুৰক্ষা আয়োগ হৈছে মেটাৰ বাবে মুখ্য গোপনীয়তা নিয়ন্ত্ৰক আৰু মেটাৰ আঞ্চলিক মুখ্য কাৰ্যালয় ডাবলিনত অৱস্থিত । মেটাই এক বিবৃতিত কয় যে এই সিদ্ধান্ত ২০১৮ চনৰ এটা কাণ্ডৰ সৈতে জড়িত । সমস্যাটো চিনাক্ত হোৱাৰ লগে লগে আমি ইয়াক সমাধানৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিলোঁ । ইয়াৰ দ্বাৰা আক্ৰান্ত লোক আৰু আইৰিছ নিয়ন্ত্ৰকক এই বিষয়ে অৱগত কৰা হৈছিল । এই সিদ্ধান্তৰ বিৰুদ্ধে তেওঁলোকে আপীল কৰিব বুলি জানিবলৈ দিছে ।
৫ কোটি একাউণ্ট ক্ষতিগ্ৰস্ত হোৱা বুলি দাবী কৰা হৈছিল-
নিয়ন্ত্ৰকে কয় যে যেতিয়া প্ৰথমবাৰৰ বাবে তথ্য ফাদিল হোৱাৰ কথা প্ৰকাশ কৰিছিল তেতিয়া ফেচবুকে ৫ কোটি একাউণ্ট প্ৰভাৱিত হোৱা বুলি দাবী কৰিছিল । কিন্তু ইউৰোপৰ ৩০ লাখ একাউণ্টকে ধৰি প্ৰকৃত সংখ্যা আছিল প্ৰায় ২.৯ কোটি । কোম্পানীটোৱে কয় যে এফ বি আইয়ে এই বাগ আৱিষ্কাৰ কৰাৰ পিছত আমেৰিকা আৰু ইউৰোপৰ নিয়ন্ত্ৰকসকলক সতৰ্ক কৰি দিছিল ।