ছিৰিয়াত চলি থকা গৃহযুদ্ধৰ মাজতে বিদ্ৰোহীসকলে চিৰিয়াৰ কেইবাখনো মুখ্য চহৰ দখল কৰিছে। ইতিমধ্যে ছিৰিয়াৰ সেনা দুৰ্বল হৈ পৰিছে আৰু বিদ্ৰোহীসকলে ইখনৰ পিছত সিখনকৈ চহৰ দখল কৰি আছে আৰু এতিয়া হোস্মৰ মুখ্য চহৰখন দখল কৰাৰ পিছত এতিয়া দামাস্কাচৰ ফালে আগবাঢ়িছে। বিদ্ৰোহী কমাণ্ডাৰসকলে তেওঁলোকৰ বোমা –মাৰণাস্ত্ৰ সহ দামাস্কাছত উপস্থিত হৈছে।
তাৰ মাজতেই খবৰ আহিছে যে ৰাষ্ট্ৰপতি বাছাৰ আল-আসাদে এখন বিশেষ বিমানত এক অজ্ঞাত স্থানলৈ ৰাওনা হৈছে। ২০১৮ চনৰ পিছত এইটো প্ৰথমবাৰৰ বাবে বিদ্ৰোহীসকলে ছিৰিয়াৰ ৰাজধানীৰ উপকণ্ঠত উপস্থিত হৈছে।
চৰকাৰ বিৰোধী শক্তি আৰু ৰাষ্ট্ৰপতি বাছাৰ আল-আসাদৰ সেনাৰ মাজত যুঁজ এতিয়া তীব্ৰতৰ হৈ উঠিছে। দেওবাৰে বিদ্ৰোহীসকলে ঘোষণা কৰে যে ‘ৰাষ্ট্ৰপতি আল-আসাদৰ ২৪ বছৰীয়া শাসনৰ ওপৰত আক্ৰমণ চলাই হোস্মৰ গুৰুত্বপূৰ্ণ চহৰখনৰ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিছে।
কেন্দ্ৰীয় চহৰৰ পৰা সেনা প্ৰত্যাহাৰ কৰাৰ পিছত হাজাৰ হাজাৰ হোস্ম বাসিন্দা ৰাজপথলৈ ওলাই আহিছিল আৰু “আসাদ নাইকিয়া হৈছে, হোস্ম এতিয়া মুক্ত” আৰু “ছিৰিয়া দীৰ্ঘজীৱী হওক, বাছাৰ আল-আসাদৰ মৃত্যু,” এনেদৰে শ্লোগান দি তেওঁলোকে উদযাপন কৰিছে।
শনিবাৰে দক্ষিণ ছিৰিয়াৰ বেছিভাগ অঞ্চলৰ পৰা চিৰিয়াৰ সেনা প্ৰত্যাহাৰ কৰাৰ পিছত বিদ্ৰোহীয়ে আক্ৰমণ চলাইছে। যাৰ ফলত দুখন প্ৰাদেশিক ৰাজধানীকে ধৰি দেশখনৰ বেছিভাগ অংশ বিৰোধী যুঁজাৰুৰ নিয়ন্ত্ৰণত আহে।
দাৰা আৰু চুইদা প্ৰদেশৰ পৰা সৈন্য প্ৰত্যাহাৰ এনে এটা সময়ত কৰা হৈছে যেতিয়া ছিৰিয়াৰ সেনাই দেশখনৰ তৃতীয় বৃহত্তম চহৰ হোস্মক ৰক্ষা কৰিবলৈ বৃহৎ সংখ্যক অতিৰিক্ত সৈন্য প্ৰেৰণ কৰিছে,কাৰণ বিদ্ৰোহীসকল ইয়াৰ উপকণ্ঠত উপস্থিত হৈছে।
ব্ৰিটেইন স্থিত অবজাৰ্ভেটৰীয়ে কৈছিল যে ছিৰিয়াৰ সৈন্যই দক্ষিণৰ দুয়োখন প্ৰদেশৰ পৰা প্ৰত্যাহাৰ কৰিছে আৰু হোমছলৈ অতিৰিক্ত সৈন্য প্ৰেৰণ কৰা, য’ত যুঁজ হোৱাৰ সম্ভাৱনা আছে।
বিদ্ৰোহীসকলে হোস্ম ৰাজপথত মুকলিকৈ গুলীবৰ্ষণ কৰি আছে, যি এতিয়ালৈকে চাৰিখন মুখ্য চহৰ দখল কৰিছে। হোস্ম দখল কৰাটো আসাদৰ বাবে সম্ভৱতঃ আটাইতকৈ ডাঙৰ আঘাত।