চিৰিয়াৰ ওপৰত আমেৰিকাৰ ভয়ংকৰ বিমান আক্ৰমণ; আল-কায়েদাৰ সন্ত্ৰাসবাদী মুহাম্মাদ ছালাহ আল-জাবিৰৰ মৃত্যু

আমেৰিকান সেনাই চিৰিয়াত চলোৱা এয়াৰষ্ট্ৰাইকৰ সময়ত আল-কায়েদাৰ সন্ত্ৰাসবাদী মুহাম্মাদ ছালাহ আল-জাবিৰক হত্যা কৰিছে।

আমেৰিকান সেনাই কৈছিল যে বৃহস্পতিবাৰে উত্তৰ পশ্চিম চিৰিয়াত এটা বিমান আক্ৰমণ চলাই। আৰু এই আক্ৰমণত আল-কায়েদাৰ সৈতে সম্পৰ্কীত সন্ত্ৰাসবাদী দলটোৰ জ্যেষ্ঠ সদস্য মুহাম্মাদ ছালাহ আল-জাবিৰক হত্যা কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় কমাণ্ডে এক বিবৃতিত কৈছিল যে এই বিমান আক্ৰমণ অঞ্চলটোত সন্ত্ৰাসবাদী গোটবোৰক ব্যাহত আৰু দুৰ্বল কৰাৰ প্ৰচেষ্টাৰ অংশ আছিল।মুহাম্মাদ ছালাহ আল-জাবিৰ ও হুৰাছ আল-দিন গোটৰ সৈতে জড়িত আছিল।

গৃহযুদ্ধত জৰ্জৰিত ছিৰিয়াত ভয়ংকৰ পৰিস্থিতি ; দেশ এৰি পলায়ন ৰাষ্ট্ৰপতিৰ  

ছিৰিয়াত চলি থকা গৃহযুদ্ধৰ মাজতে বিদ্ৰোহীসকলে চিৰিয়াৰ কেইবাখনো মুখ্য চহৰ দখল কৰিছে। ইতিমধ্যে ছিৰিয়াৰ সেনা দুৰ্বল হৈ পৰিছে আৰু বিদ্ৰোহীসকলে ইখনৰ পিছত সিখনকৈ চহৰ দখল কৰি আছে আৰু এতিয়া হোস্মৰ মুখ্য চহৰখন দখল কৰাৰ পিছত এতিয়া দামাস্কাচৰ ফালে আগবাঢ়িছে। বিদ্ৰোহী কমাণ্ডাৰসকলে তেওঁলোকৰ বোমা –মাৰণাস্ত্ৰ সহ দামাস্কাছত উপস্থিত হৈছে।

তাৰ মাজতেই খবৰ আহিছে যে  ৰাষ্ট্ৰপতি বাছাৰ আল-আসাদে এখন বিশেষ বিমানত এক অজ্ঞাত স্থানলৈ ৰাওনা হৈছে।  ২০১৮ চনৰ পিছত এইটো প্ৰথমবাৰৰ বাবে বিদ্ৰোহীসকলে ছিৰিয়াৰ ৰাজধানীৰ উপকণ্ঠত উপস্থিত হৈছে।

চৰকাৰ বিৰোধী শক্তি আৰু ৰাষ্ট্ৰপতি বাছাৰ আল-আসাদৰ সেনাৰ মাজত যুঁজ এতিয়া তীব্ৰতৰ হৈ উঠিছে। দেওবাৰে  বিদ্ৰোহীসকলে ঘোষণা কৰে যে ‘ৰাষ্ট্ৰপতি আল-আসাদৰ ২৪ বছৰীয়া শাসনৰ ওপৰত আক্ৰমণ চলাই   হোস্মৰ গুৰুত্বপূৰ্ণ চহৰখনৰ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিছে।

কেন্দ্ৰীয় চহৰৰ পৰা সেনা প্ৰত্যাহাৰ কৰাৰ পিছত হাজাৰ হাজাৰ হোস্ম বাসিন্দা ৰাজপথলৈ ওলাই আহিছিল আৰু “আসাদ নাইকিয়া হৈছে,  হোস্ম এতিয়া মুক্ত” আৰু “ছিৰিয়া দীৰ্ঘজীৱী হওক, বাছাৰ আল-আসাদৰ মৃত্যু,” এনেদৰে শ্লোগান দি  তেওঁলোকে উদযাপন কৰিছে। 

শনিবাৰে দক্ষিণ ছিৰিয়াৰ বেছিভাগ অঞ্চলৰ পৰা চিৰিয়াৰ সেনা প্ৰত্যাহাৰ কৰাৰ পিছত বিদ্ৰোহীয়ে আক্ৰমণ চলাইছে। যাৰ ফলত দুখন প্ৰাদেশিক ৰাজধানীকে ধৰি দেশখনৰ বেছিভাগ অংশ বিৰোধী যুঁজাৰুৰ নিয়ন্ত্ৰণত আহে।

দাৰা আৰু চুইদা প্ৰদেশৰ পৰা  সৈন্য প্ৰত্যাহাৰ এনে এটা সময়ত কৰা হৈছে যেতিয়া ছিৰিয়াৰ সেনাই দেশখনৰ তৃতীয় বৃহত্তম চহৰ হোস্মক ৰক্ষা কৰিবলৈ বৃহৎ সংখ্যক অতিৰিক্ত সৈন্য প্ৰেৰণ কৰিছে,কাৰণ বিদ্ৰোহীসকল ইয়াৰ উপকণ্ঠত উপস্থিত হৈছে।

ব্ৰিটেইন স্থিত অবজাৰ্ভেটৰীয়ে কৈছিল যে ছিৰিয়াৰ সৈন্যই দক্ষিণৰ দুয়োখন প্ৰদেশৰ পৰা প্ৰত্যাহাৰ কৰিছে আৰু হোমছলৈ অতিৰিক্ত সৈন্য প্ৰেৰণ কৰা, য’ত যুঁজ হোৱাৰ সম্ভাৱনা আছে।

বিদ্ৰোহীসকলে হোস্ম ৰাজপথত মুকলিকৈ গুলীবৰ্ষণ কৰি আছে, যি এতিয়ালৈকে চাৰিখন মুখ্য চহৰ দখল কৰিছে। হোস্ম দখল কৰাটো আসাদৰ বাবে সম্ভৱতঃ আটাইতকৈ ডাঙৰ আঘাত।

“চিৰিয়াক অকলে এৰিব নোৱাৰি, হোস্ম চহৰখন বচাবলৈ কৰিব সহায়” চিৰিয়াৰ যুদ্ধত হিজবুল্লাহৰ প্ৰৱেশ

চিৰিয়াৰ দক্ষিণ চহৰ দাৰা শনিবাৰে দখল কৰিলে বিদ্ৰোহীসকলে। এতিয়া দাবী কৰা হৈছে যে বিদ্ৰোহীসকলে হোস্ম চহৰৰ ওপৰত চকু ৰাখিছে, কিন্তু তাৰ আগতে হিজবুল্লাহই চিৰিয়াত প্ৰৱেশ কৰিছে।

হিজবুল্লাহৰ চেক্ৰেটেৰী জেনেৰেল নাইম কাচেমে প্ৰতিশ্ৰুতি দিছে যে লেবানিজ গোটটো চিৰিয়া চৰকাৰৰ সৈতে থিয় হ’ব।

ইৰাণৰ এজন জ্যেষ্ঠ বিষয়াই কৈছিল যে ইৰাণে চিৰিয়ালৈ মিছাইল, ড্ৰোন আৰু অধিক পৰামৰ্শদাতা প্ৰেৰণ কৰিব কিয়নো বিদ্ৰোহীসকলে ৰাষ্ট্ৰপতি বাছাৰ আল-আসাদৰ শাসনৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হিচাপে হোস্ম চহৰৰ ওপৰত দৃষ্টি ৰাখিছিল।

বৃহস্পতিবাৰে কাছিমে কয়, “তেওঁলোকে যোৱা দিনবোৰত যি কৰিছে তাৰ স্বত্বেও তেওঁলোকে লক্ষ্য প্ৰাপ্ত কৰিব নোৱাৰিব আৰু আমি এই আক্ৰমণৰ লক্ষ্য বিফল কৰাৰ ক্ষেত্ৰত হিজবুল্লাহৰ ৰূপত চিৰিয়াৰ সৈতে থাকিম”।

“এই সকলোবোৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ উৎসাহেৰে হৈ আছে।কাছিমে হিজবুল্লাহই চিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল-আসাদক কেনেদৰে সমৰ্থন কৰিব সেই বিষয়ে বৰ্ণনা কৰা নাছিল, কিন্তু কৈছিল যে ইৰাণ-সংগঠিত গোটে যি কৰিব পাৰে সেয়া কৰিব।

হোস্ম দখল কৰিলে ৰাজধানীখন দামাস্কাচৰ উপকূলৰ পৰা বিচ্ছিন্ন হ’ব, যি আসাদৰ সংখ্যালঘু আলাৱাইট সম্প্ৰদায়ৰ দীৰ্ঘদিনীয়া দুৰ্গ আছিল আৰু য’ত তেওঁৰ ৰাছিয়াৰ মিত্ৰশক্তিৰ এটা নৌ সেনা ঘাটি আৰু বিমানবন্দৰ আছে।

বিদ্ৰোহী বাহিনীয়ে তেওঁলোকৰ উত্তৰ-পশ্চিম ইদলিবৰ দুৰ্গৰ পৰা আঁতৰি আহিছে আৰু ১৩ বছৰ আগতে আসাদৰ বিৰুদ্ধে ৰাস্তাত হোৱা বিদ্ৰোহৰ পিছত আটাইতকৈ তীক্ষ্ণ যুদ্ধত দুয়োফালে আগবাঢ়ি আছে।

ৰাছিয়া, ইৰাণ আৰু লেবাননৰ হিজবুল্লাহ নামৰ গুৰুত্বপূৰ্ণ মিত্ৰশক্তিক উদ্ধাৰ কৰিবলৈ অহাৰ পিছত আসাদে চিৰিয়াৰ বেছিভাগ অংশ পুনৰ নিয়ন্ত্ৰণ লৈছিল – কিন্তু শেহতীয়াকৈ আন সংকটৰ ফলত সকলো দুৰ্বল হৈ পৰিছে।

ইয়াৰ আগতে, দাৰা চহৰো দখল কৰা হৈছিল। চহৰখন জৰ্ডানৰ সীমান্তৱৰ্তী চিৰিয়ান ৰাজ্যৰ ৰাজধানী। দাৰা চহৰৰ জনসংখ্যা প্ৰায় ১ লাখ। এইখন চহৰ আছিল, য’ত ১৩ বছৰ আগতে আসাদ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হৈছিল।

দাৰা চহৰ চিৰিয়াৰ বাবে ঐতিহাসিক আৰু কৌশলগতভাৱে গুৰুত্বপূৰ্ণ চহৰ। ইয়াক চিৰিয়াৰ আটাইতকৈ পুৰণি চহৰসমূহৰ ভিতৰত এখন বুলি গণ্য কৰা হয় আৰু বাইবেল, ৰোমান আৰু ইছলামিক ইতিহাসত এক গুৰুত্বপূৰ্ণ স্থান আছে।

চিৰিয়াৰ পৰিস্থিতিৰ পুনৰ অৱনতি , ভাৰতীয় নাগৰিকসকললৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিশেষ নিৰ্দেশনা  

চিৰিয়াৰ অৱনতি হোৱা পৰিস্থিতিৰ মাজত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভ্ৰমণ পৰামৰ্শ জাৰি কৰিছে। ভাৰতীয় নাগৰিকসকলক পৰৱৰ্তী জাননী নোপোৱালৈকে চিৰিয়া ভ্ৰমণ পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এই পৰামৰ্শত কোৱা হৈছে যে চিৰিয়াৰ পৰিস্থিতি যথেষ্ট বেয়া।এই মুহূৰ্তত চিৰিয়া ভ্ৰমণ কৰাটো অতি বিপদজনক।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক প্ৰেছ বিজ্ঞপ্তিত কয়, “চিৰিয়াৰ বিদ্যমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাগৰিকসকলক পৰৱৰ্তী জাননী নোপোৱালৈকে চিৰিয়া ভ্ৰমণ পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।”

লগতে, যিসকল চিৰিয়াত আছে তেওঁলোকক যিমান সম্ভৱ সোনকালে চিৰিয়া এৰি যাবলৈ পৰামৰ্শ দিয়া হৈছে।

চিৰিয়াত থকা ভাৰতীয় নাগৰিকসকলক জৰুৰীকালীন হেল্পলাইন নম্বৰ আৰু দামাস্কাছৰ ভাৰতীয় দূতাবাসৰ ইমেইল আইডিৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

যিসকলে চিৰিয়াৰ পৰা ওলাই আহিবলৈ সক্ষম হয় তেওঁলোকে যিমান সম্ভৱ সোনকালে তালৈ ওলাই যাব লাগে। চিৰিয়াত বাস কৰা ভাৰতীয়সকলকো তেওঁলোকৰ নিৰাপত্তাৰ বিষয়ে অত্যাধিক সাৱধানতা অৱলম্বন কৰিবলৈ আৰু তেওঁলোকৰ গতিবিধি সীমিত কৰিবলৈ কোৱা হৈছে।