ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ২৬ সংখ্যক মেচখনত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (এল এছ জি)য়ে গুজৰাট টাইটানছ (জি টি)ক ৬ উইকেটত পৰাস্ত কৰে । ১২ এপ্ৰিল (শনিবাৰ)ত লক্ষ্ণৌৰ ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়ামত খেলা এই মেচখনত লক্ষ্ণৌ দলে ১৮১ ৰানৰ লক্ষ্য অনুসৰণ কৰি জয়লাভ কৰে, যিটো শেষ অভাৰত লাভ কৰে । চলিত ছিজনত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ ছখন মেচত এয়া চতুৰ্থটো জয় আছিল । আনহাতে, ৬খন মেচত গুজৰাট টাইটানছৰ এয়া আছিল দ্বিতীয়টো পৰাজয় ।
পোৰাণৰ ধুমুহাময় ইনিংছত বিধ্বস্ত গুজৰাট-
লক্ষ্য অনুসৰণ কৰা লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ আৰম্ভণি ভাল আছিল । অধিনায়ক ঋষভ পন্ট আৰু এইডেন মাৰ্ক্ৰামে একেলগে ৬.২ অভাৰত ৬৫ ৰান সংগ্ৰহ কৰে । পন্টক ‘ইমপেক্ট চাব’ প্ৰসিদ্ধ কৃষ্ণই ২১ ৰানত (১৮ বল, ৪ টা চাৰি)আউট কৰে । পণ্টৰ পিছত নিকোলাছ পোৰানে বেটিং কৰিবলৈ আহে আৰু তেওঁ ধুমুহাৰ গতিত ৰান সংগ্ৰহ কৰে । চাই কিশোৰৰ এটা অভাৰত পোৰানে তিনিটা ছয় কোবাই । ইফালে এইডেন মাৰ্ক্ৰামেও নিজৰ অৰ্ধ শতক সম্পূৰ্ণ কৰে । ফলত লক্ষ্ণৌৱে মাত্ৰ ১০ অভাৰতে ১১৪ ৰান সংগ্ৰহ কৰে ।
গুজৰাটে দ্বিতীয়টো ব্ৰেকথ্ৰু লাভ কৰে যেতিয়া প্ৰসিদ্ধ কৃষ্ণই এইডেন মাক্ৰামক আউট কৰে । মাৰ্ক্ৰামে ৯টা চাৰি আৰু এটা ছয়ৰ সহায়ত ৩১টা বলত ৫৮ ৰান সংগ্ৰহ কৰে । দ্বিতীয় উইকেটৰ বাবে মাক্ৰাম আৰু পোৰাণৰ মাজত ৫৮ ৰানৰ অংশীদাৰিত্ব গঢ়ি উঠে । মাক্ৰাম আউট হোৱাৰ কিছু সময়ৰ পাছতে নিকোলাছ পোৰানে ২৩টা বলত নিজৰ অৰ্ধ শতক সম্পূৰ্ণ কৰে । ৬১ ৰান সংগ্ৰহ কৰি ৰছিদ খানৰ বলত আউট হয় পোৰাণ । পোৰানে ৩৪টা বলৰ মুখামুখি হয় আৰু ৭টা ছয়ৰ লগতে এটা চাৰিটা কোবাই । ইয়াৰ পৰাই লক্ষ্ণৌৰ বাবে জয়ৰ পথ সহজ হৈ পৰে ।
শুভমন আৰু সুদৰ্শনৰ অৰ্ধ শতক, তাৰ পিছতে উইকেটৰ পতন-
টছত পৰাস্ত হোৱাৰ পাছত গুজৰাট টাইটানছে প্ৰথমে বেটিং কৰি ৬ উইকেটত ১৮০ ৰান সংগ্ৰহ কৰে । গুজৰাটৰ আৰম্ভণি ভাল আছিল । অধিনায়ক শুভমন গীল আৰু সাই সুদৰ্শনে একেলগে প্ৰথম উইকেটৰ বাবে ১২০ ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলিছিল । এই অংশীদাৰিত্বৰ সময়ছোৱাত শুভমনে ৩১টা বলত নিজৰ অৰ্ধ শতক সম্পূৰ্ণ কৰে । আনহাতে সুদৰ্শনে ৩২টা বলত ৫০ ৰান কৰে । ত্ৰয়োদশ অভাৰত লক্ষ্ণৌৱে প্ৰথম সফলতা লাভ কৰে যেতিয়া শুভমন গীল ডাঙৰ শ্বট মাৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত আৱেশ খানৰ বলত আউট হয় । শুভমনে ৬টা চাৰি আৰু এটা ছয়ৰ সহায়ত ৩৮টা বলত ৬০ ৰান সংগ্ৰহ কৰে ।
ইয়াৰ পাছতে স্পীনাৰ ৰবি বিষ্ণোইয়ে একেটা অভাৰতে ছাই সুদৰ্শন আৰু ৱাশ্বিংটন সুন্দৰক আউট কৰে । সুদৰ্শনে ৩৭টা বলত ৫৬ ৰান সংগ্ৰহ কৰে, য’ত আছিল ৭টা চাৰি আৰু এটা ছয় । আনহাতে সুন্দৰৰ বেটৰ পৰা ২ ৰান আহে । ইয়াৰ পাছতে উইকেটকীপাৰ বেটছমেন জোছ বাটলাৰেও ১৬ ৰান সংগ্ৰহ কৰি স্পীনাৰ দিগবেশ সিং ৰাথীৰ চিকাৰ হয় ।
ধাৰাবাহিকভাৱে উইকেটৰ পতনৰ বাবে গুজৰাট টাইটানছ ২০০ ৰানৰ সীমাৰ পৰা বহু দূৰত থাকে । গুজৰাট টাইটানছৰ ইনিংছৰ অন্তিম অভাৰত শ্বাৰফান ৰাদাৰফোৰ্ড (২২) আৰু ৰাহুল টেৱাটিয়া (০)ৰ উইকেট হেৰুৱায় । লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হৈ শাৰদুল ঠাকুৰ আৰু ৰবি বিষ্ণোই দুটাকৈ উইকেট দখল কৰে । দিগবেশ সিং ৰাথী আৰু আবেশ খানে এটাকৈ সফলতা লাভ কৰে । গুজৰাটে মাত্ৰ ৮ অভাৰতে ৬০ ৰান সংগ্ৰহ কৰি ৬ টা উইকেট হেৰুৱাই ।