গুগলে পুনৰবাৰ ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে।টেক কোম্পানীটোৱে এড-টেক বজাৰত আধিপত্য বিস্তাৰ কৰিবলৈ একচেটিয়া অধিকাৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। আমেৰিকাৰ ৱাশ্বিংটন ক’ৰ্টৰ ন্যায়াধীশে গুগলৰ বিৰুদ্ধে উত্থাপিত অভিযোগ শুদ্ধ বুলি মানি লৈছে। টেক কোম্পানীটোৰ বিৰুদ্ধে ফেডাৰেল চৰকাৰকে ধৰি আমেৰিকাৰ ৰাষ্ট্ৰই এণ্টি ট্ৰাষ্ট নিয়ম উলংঘা কৰাৰ অভিযোগত গোচৰ দাখিল কৰিছে। আলফাবেট কোম্পানীটোৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে ডিজিটেল বিজ্ঞাপনৰ তিনিটা খণ্ড- প্ৰকাশক বিজ্ঞাপন চাৰ্ভাৰ, বিজ্ঞাপন দাতাৰ সঁজুলি আৰু বিজ্ঞাপনৰ বিনিময়ত একচেটিয়া অধিকাৰ সৃষ্টিৰ কাম কৰিছে। গুগলৰ বিৰুদ্ধে দুটা ফেডাৰেল গোচৰৰ ভিতৰত এইটো এটা, যিটোৱে অৱশেষত কোম্পানীটোক বিভাজিত কৰিব পাৰে আৰু ইয়াৰ প্ৰভাৱ ৰোধ কৰিব পাৰে। এইটো ডাঙৰ টেকক নিয়ন্ত্ৰণ কৰাৰ বহল চৰকাৰী প্ৰচেষ্টাৰ অংশ হয়। জিলা আদালতৰ ন্যায়াধীশ লিঅ’নি ব্ৰিংকেমাই গুগলৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত কয়- বাদীসকলৰ অভিযোগ যে বেছিভাগ ৱেবছাইটেই গুগল এডছত চফট্ ৱেৰ প্ৰডাক্টৰ তিকড়ীৰ ব্যৱহাৰ কৰে, ইয়াৰ দ্বাৰা প্ৰকাশকসকলৰ বাবে গুগলৰ বিজ্ঞাপন প্ৰযুক্তি এৰাই চলাৰ কোনো স্থান নাথাকে।
বিচাৰকগৰাকীয়ে আৰু কয় যে মুক্ত ৱেব প্ৰদৰ্শন বিজ্ঞাপনৰ বাবে প্ৰকাশকৰ বিজ্ঞাপন চাৰ্ভাৰ আৰু বিজ্ঞাপন বিনিময় বজাৰত একচেটিয়া ক্ষমতা লাভ আৰু নিজকে জীয়াই ৰাখিবলৈ গুগলে ইচ্ছাকৃতভাৱে প্ৰতিযোগিতা বিৰোধী কাৰ্য্যৰ ধাৰাবাহিকতাত লিপ্ত হৈছে।
গুগলে গ্ৰাহকৰ ওপৰত প্ৰতিযোগিতা বিৰোধী নীতি জাপি দি আৰু বাঞ্ছনীয় পণ্যৰ বৈশিষ্ট্যসমূহ আঁতৰাই ইয়াৰ একচেটিয়া ক্ষমতাক আৰু অধিক কঠিন কৰি তুলিলে।
অৱশ্যে জিলা আদালতৰ এই আদেশৰ বিৰুদ্ধে গুগলে এতিয়াও আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত আবেদন কৰিব পাৰে।