শীতকালত, বেছিভাগ লোকৰ ছাল শুকান হৈ পৰে। যদি আপুনিও আপোনাৰ ছাল কোমল আৰু উজ্জল কৰিব বিচাৰে, তেনেহ’লে কেৱল ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰিয়েই গ্লাচৰ দৰে জিলিকাব পাৰিব ছালখন।
একাধিক সৌন্দৰ্য সামগ্ৰী ব্যৱহাৰ কৰাৰ সলনি, আপুনি মুখত ব্যৱহাৰ কৰিব পাৰে গাখীৰ সৰ। গাখীৰৰ সৰৰ সৈতে এই ৩টা সামগ্ৰী মিহলি কৰি ব্যৱহাৰ কৰক মুখত । পাকঘৰত থকা তিনিবিধ সামগ্ৰী গাখীৰৰ সৰৰ সৈতে মিহলি কৰি নিয়মীয়াকৈ ইয়াত মুখত প্ৰয়োগ কৰিলে আঁতৰ কৰিব পাৰে মুখৰ দাগ, টেনিং । কিদৰে কৰিব ব্যৱহাৰ—
গাখীৰৰ শৰ আৰু হালধী-
মুখখন উজ্জল কৰিবলৈ গাখীৰৰ সৰ আৰু হালধি ব্যৱহাৰ কৰিব পাৰি। ই ছালখন উজ্জল কৰাৰ লগতে দাগবোৰো নোহোৱা কৰিব।ইয়াৰ বাবে, দুই চামুচ গাখীৰৰ সৰত অকমান হালধি লৈ ইয়াক ভালদৰে মিহলাই লওক।এতিয়া এই মিশ্ৰণটো মুখত লগাই ১০ মিনিটৰ পিছত কুহুমিয়া পানীৰে ধুই দিয়ক।
গাখীৰৰ সৰ আৰু মৌ-
যদি আপুনি ছালখন হাইড্ৰেট কৰিব বিচাৰে তেন্তে সৰৰ সৈতে মৌ ব্যৱহাৰ কৰক।গাখীৰৰ সৰ মৌ সৈতে প্ৰয়োগ কৰিলে ছালত আৰ্দ্ৰতা প্ৰদান কৰে আৰু মৃত ছালও আঁতৰ কৰে।ইয়াৰ বাবে, আপুনি এক চামুচ সৰত এক চামুচ মৌ মিহলাই লওক। এতিয়া এই মিশ্ৰনটো বনাই ১৫ মিনিটৰ বাবে মুখত লগাই ল’ব। ইয়াৰ পিছত লাহে লাহে মুখখন মাছাজ কৰি কুহুমিয়া পানীয়ে মুখখন ধুই দিয়ক।
গাখীৰৰ সৰ আৰু বেচন-
ছালৰ সৌন্দৰ্য বঢ়াবলৈ গাখীৰৰ সৰ আৰু বেচন ব্যৱহাৰ কৰিব পাৰে।এক চামুচ গাখীৰৰ সৰ আৰু এক চামুচ বেচন লৈ ভালদৰে মিহলাই লওক। এই পেষ্টটো এতিয়া মুখ আৰু ডিঙিত ভালদৰে লগাই লওক। পেষ্টটো শুকাই গ’লে চাফা পানীৰে ধুই দিব। এই ফেচপেকটো সপ্তাহত দুইৰ পৰা তিনিবাৰ প্ৰয়োগ কৰিলে ছাল উজ্জ্বল হোৱাৰ লগতে বলি ৰেখাৰ পৰা মুক্ত হ’ব।