গাখীৰত কেলচিয়াম, প্ৰটিন আৰু ভিটামিন ডিৰ দৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে, কিন্তু কিছুমান বস্তু মিহলাই আপুনি ইয়াৰ শক্তি বৃদ্ধি কৰিব পাৰে।
গাখীৰত এনে কিছুমান বস্তু মিহলি কৰিব পাৰে যিয়ে সোৱাদ বৃদ্ধি হোৱাৰ লগতে ইয়াৰ শক্তি আৰু পুষ্টিকৰ উপাদান বহুগুণ বৃদ্ধি পায়।
বাদাম- বাদাম স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াত প্ৰটিন, আঁহ, ভিটামিন, খনিজ পদাৰ্থ আৰু ওমেগা-৩ ফেটি এচিড পোৱা যায় যিবোৰ শৰীৰৰ বাবে অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান।
বাদামে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ সহায় কৰে, স্বাস্থ্যকৰ কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে আৰু ছালখনক ভিতৰৰ পৰা পুষ্টি প্ৰদান কৰি ইয়াক সুন্দৰ কৰি ৰখাত সহায় কৰে।
হালধি- স্বাস্থ্য উপকাৰীতাৰ বাবে হালধি জনাজাত, গাখীৰত হালধি মিহলি কৰি সেৱন কৰিলে ইয়াৰ উপকাৰ আৰু বৃদ্ধি কৰে। হালধিত কাৰকুমিন নামৰ এক শক্তিশালী যৌগ পোৱা যায়। ই গাঁঠিৰ বিষ আৰু ফুলা কমোৱাত সহায় কৰে।
মৌ- মৌত এন্টিঅক্সিডেন্ট, ভিটামিন আৰু খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে পোৱা যায়।যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে।শক্তিৰ মাত্ৰা বৃদ্ধিৰ বাবেও মৌ অতি উপকাৰী বুলি গণ্য কৰা হয়।ৰিফাইন চেনিৰ সলনি ইয়াক ব্যৱহাৰ কৰিব পাৰে।
দালচেনী- কেৱল স্বাস্থ্যৰ বাবেই নহয় চুলিৰ বাবেও দালচেনি অতি উপকাৰী।ইয়াৰ এন্টি-ইনফ্লেমেটৰী, এন্টি-মাইক্ৰ’বিয়াল গুণ আছে আৰু ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি, ভিটামিন এ, প্ৰটিন আৰু বহুতো প্ৰয়োজনীয় খনিজ পদাৰ্থ থাকে।