জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱা লোকসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আই পি এল ২০২৫ৰ আজি অনুষ্ঠিত হ’ব লগা মুম্বাই ইণ্ডিয়ানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মেচখনত খেলুৱৈ আৰু আম্পায়াৰসকলে ক’লা আৰ্মবেণ্ড পিন্ধিব । মঙলবাৰে এই আক্ৰমণত দুজন বিদেশী নাগৰিককে ধৰি ২৬ জন লোক নিহত হয় । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে আৰু বুধবাৰে হায়দৰাবাদ আৰু মুম্বাইৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ সময়ত নিহতসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব ।
মেচ আৰম্ভ হোৱাৰ পূৰ্বে অৱলম্বন কৰা হ’ব মৌনতা-
খেলৰ সময়ত দুয়োটা দলৰ খেলুৱৈ আৰু আম্পায়াৰে ক’লা বেণ্ড পিন্ধাৰ বিপৰীতে মেচ আৰম্ভ হোৱাৰ পূৰ্বে এক মিনিটৰ মৌনতাও পালন কৰা হ’ব । কেৱল এয়াই নহয়, এই মেচখনৰ বাবে খেলপথাৰত নাথাকিব চিয়েৰ লিডাৰ । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক লৈ ক্ৰীড়া জগতৰ লোকে শোক প্ৰকাশ কৰাৰ লগতে ভুক্তভোগীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে । এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বহু খেলুৱৈয়ে ছচিয়েল মিডিয়াত ভুক্তভোগীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ।