নিজকে সুস্থ সৱল তথা নিৰোগী নিৰোগী শৰীৰৰ অধিকাৰী কৰি ৰখাত গুৰুত্ব দিয়া স্বাস্থ্য সচেতন লোকসকলৰ খাদ্য তালকাত সততে স্থান পোৱা এবিধ পাচলি হৈছে গাজৰ। গাজৰ সদায়ে চকুৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ইয়াৰ লাভালাভ ইয়াতে শেষ হয় । গাজৰত থকা ভিটামিন, খনিজ আৰু এণ্টিঅক্সিডেণ্টে চকুৰ লগতে শৰীৰৰ আন অংশৰ বাবেও উপকাৰী । ইয়াত শৰ্কৰা আৰু চৰ্বিও কম, যাৰ বাবে আপুনি ইয়াক আপোনাৰ দৈনিক আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে(Carrot Juice Benefits)।
গাজৰ ভিটামিন A,C আৰু Kৰে সমৃদ্ধ, সেয়েহে ই ছালৰ বাবেও খুবেই উপকাৰী । গতিকে আহক জানো গাজৰে আৰু কেনেদৰে আপোনাক সহায় কৰিব পাৰে ৷
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে—গাজৰৰ ৰসত থকা ভিটামিন-A আৰু C-য়ে শৰীৰক ফ্ৰী-ৰেডিকেলৰ দ্বাৰা হোৱা ক্ষতিৰ পৰা সুৰক্ষিত কৰে । ইয়াত ভিটামিন-B6 থাকে, যি ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে উপকাৰী প্ৰমাণিত হয় ।
ছালৰ স্বাস্থ্যৰ বাবে ভাল—গাজৰৰ ৰসত ভিটামিন-চি থাকে, যি ছালত ক’লাজেন উৎপাদন উন্নত কৰে, যি ছাল আপোনাৰ ছালখন আৰু অধিক মসৃণ কৰে । লগতে, ইয়াত থকা এণ্টিঅক্সিডেণ্টবোৰে ছালক ক্ষতিৰ পৰা সুৰক্ষিত কৰে ।
ওজন নিয়ন্ত্ৰণ কৰে— গাজৰত কম পৰিমাণৰ কেলৰি থাকে। ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে, সেয়ে গাজৰ খোৱাৰ পিছত বহু সময়লৈ পেট পূৰ্ণ হৈ থাকে। সেয়েহে গাজৰ ওজন নিয়ন্ত্ৰণত সহায়ক হয়।