মেষ ৰাশি- কৰ্মনিষ্ঠা , ব্যক্তিত্ব প্ৰকাশ পাব। আনৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি পাব। সাংবাদিক, অৰ্থনীতিবিদৰ সুনাম । বন্যপ্ৰাণীৰ পৰা সাৱধান । সফলতা অৰ্জনৰ দিশত আৰু এখোজ আগুৱাই যাব।
বৃষ ৰাশি- সা-সন্মান বৃদ্ধি পাব। খং কমাব। শনি মন্দিৰ দৰ্শন কৰক। ধনবল-মনোবল বৃদ্ধি পাব। বিদাৰ্থী সকলৰ বাবে দিনটো শুভ। দীৰ্ঘদিনিয়া ৰোগৰ পৰা মুক্তি পাব। কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে চিন্তা কৰিব।
মিথুন ৰাশি- ৰাজ আতিথ্য লাভ কৰিব। য’তে ত’তে খাদ্য নাখাব অন্যথা পেটৰ অসুখ হোৱাৰ সম্ভাৱনা আছে। হঠাৎ কোনো শুভ সংবাদ লাভ কৰিব। খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। পাবলগীয়া ধন হাতলৈ আহিব।
কৰ্কট ৰাশি- কোনো সুখবৰ লাভ কৰিব। উপযাচি আনৰ উপকাৰ নকৰিব। তীৰ্থ ভ্ৰমণৰ সম্ভাৱনা । বিত্তীয় বিষয়ত সাৱধান হ’ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো ভাল। সুষম খাদ্যৰ প্ৰতি গুৰুত্ব দিয়ক। কৰ্মক্ষেত্ৰত সন্মান লাভ কৰিব। পিতৃ-মাতৃৰ সৈতে সময় পাৰ কৰক।
সিংহ ৰাশি- যিকোনো দিশত প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব। আনৰ সুনাম নষ্ট নকৰিব। অসবৰ্ণ বিবাহৰ যোগ। কোনো ঔষধ খাওতে সাৱধান হ’ব। অযথা কথাত কাৰো লগতে কাজিয়া নকৰিব। হাতলৈ নতুন কামৰ বাবে সুযোগ আহিব।
কন্যা ৰাশি- কৰ্মত উন্নতি। আনে সমালোচনা কৰি ক্ষতি কৰিব নোৱাৰে । সন্তানৰ স্বাস্থ্যই চিন্তাত পেলাব। শিৱ-দুৰ্গাক স্মৰণ কৰক। প্ৰেমিক-প্ৰেমিকাৰ বাবে দিনটো অতি শুভ । পৰিকল্পনা কৰি থকা কাম সমূহ সম্পৰ্ণ হ’ব। নিয়মিত ব্যায়াম কৰক।
তুলা ৰাশি- কৰ্মত আধ্যাত্মিক চিন্তা বৃদ্ধি পাব। হঠাৎ কোনো লোকে বিপথে নিব পাৰে। পদমৰ্যাদা ৰক্ষা কৰিব। ৰোগৰ পৰা সকাহ পাব। ঘৰলৈ কোনো আলহীৰ আহিব পাৰে।জীৱন সংগীৰ সৈতে সময় অতিবাহিত কৰক।
বৃশ্চিক ৰাশি- কৰ্মনিষ্ঠা বৃদ্ধি পাব। আনৰ যিকোনো কথাত পতিয়ন নাযাব। উগ্ৰ সাহসে ক্ষতি কৰিব পাৰে। যাৰে তাৰে লগত কাজিয়া নকৰিব। গেছৰ সমস্যাই দেখা দিব পাৰে। ৰাস্তা পাৰ হওতে সাৱধান হ’ব। হনুমান মন্দিৰ দৰ্শন কৰক।হাতলৈ ধন আহিব পাৰে।
ধনু ৰাশি- আনৰ প্ৰতি দায়বদ্ধা বৃদ্ধি । সত্যৰ অপলাভ নকৰিব। আনৰ আতিথ্য পাব। পৰীক্ষাত সুখ্যাতি বৃদ্ধি পাব। ভাবি থকা কোনো কাম আজি সমাপন হ’ব। জীৱনলৈ কোনো নতুন মানুহৰ আগমণে জীৱনটো সলনি কৰিব।
মকৰ ৰাশি- প্ৰতিটো কাম সুক্ষ্ম চিন্তাৰে কৰক। আনে অপযশ দিব পাৰে। শনি মন্দিৰ দৰ্শন কৰিব। এচিদৰ পৰা ভয়। দূৰ ভ্ৰমণৰ সম্ভাৱনা আছে। কোনো ঘনিষ্ঠ বন্ধুৰ সহায়ত ব্যৱসায়ত লাভৰ আশা আছে।
কুম্ভ ৰাশি- কৰ্মত স্পৃহা থাকিব। কোনো আত্মীয় লোকৰ পৰা অসুবিধা পাব। লাগতিয়াল কোনো বস্তু হেৰুৱাৰ সম্ভাৱনা আছে। জীৱন সংগীৰ ব্যৱহাৰে নিৰাশ কৰিব। মাদক দ্ৰব্যৰ পৰা দূৰত থাকক।
মীন ৰাশি- বাহিৰা কামত ব্যস্ততা বৃদ্ধি পাব। পৰচৰ্চা কৰি সময় নষ্ট নকৰিব। বাদ-বিসম্বাদ নকৰিব। নিজৰ বুজি পোৱাৰ সুযোগ পাব। আপোনজনৰ পৰা মৰম পাব। নিজৰ বুদ্ধিমত্তা আৰু নিষ্ঠাৰ বাবে কোনো কঠোৰ পৰিস্থিতিৰ পৰা ওলাই আহিব পাৰিব।