জামুগুৰিহাটৰ টুপিয়াত নৈশ ফুটবল প্ৰতিযোগীতাত অঘটন ৷ সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা ফুটবল খেল ৮ বাজি ৩০ মিনিট পৰ্যন্ত অনুষ্ঠিত নোহোৱাত একাংশ উদণ্ড দৰ্শক ৰাইজে সকলো ভাঙিচিঙি তহিলং কৰে ৷ঘটনাৰ ফলত কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ধ্বংশ হয়৷ উদণ্ড যুৱকৰ উগ্ৰমূৰ্তি দেখি পলায়ন কৰে কমিটিয়ে ৷ফুটবল প্ৰতিযোগীতাখনৰ দেওবাৰে আছিল দ্বিতীয়খন ছেমি ফাইনেল ৷ নগাওঁৰ অম্লানজ্যোতি ফুটবল দল আৰু অসম পুলিচ কামাণ্ডো বেটেলিয়নৰ মাজত আছিল এই প্ৰতিযোগীতা ৷কিন্তু ৮ বাজি ৩০ মিনিটলৈ অম্লানজ্যোতি ফুটবল দলটো আহি নোপোৱাত দৰ্শক উত্তেজিত হৈ পৰাৰ পাছতেই ক্ৰীড়াংগন হৈ পৰে ৰণাংগণ ৷ টুপিয়া পাঁচগাও ক্ৰীড়া সন্থাই টুপিয়া ষ্টেডিয়ামত অনুষ্ঠিত কৰিছিল এই প্ৰাইজমানি নৈশ ফুটবল প্ৰতিযোগীতাখন ৷ এই প্ৰতিযোগীতাখনত দেশ বিদেশৰ কেইবাগৰাকী ফুটবল খেলুৱৈয়ো অংশগ্ৰহণ কৰিছিল ৷ ঘটনাস্থলীত আৰক্ষী এঘন্টালৈকে উপস্থিত নোহোৱাত পৰিবেশ অধিক বেয়া হোৱা বুলি একাংশ ৰাইজে মন্তব্য কৰে ৷
