উত্তৰ প্ৰদেশৰ বদাউনৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত এটা বেদনাদায়ক ঘটনা সংঘটিত হৈছে। য’ত চিকিৎসাৰ অভাৱত মৃত্যু হ’ল ৭ বছৰীয়া ছফিয়াৰ।মৃ্ত ছফিয়াৰ পিতৃ নাজিমৰ অভিযোগ অনুসৰি তেওঁৰ জীয়ৰীক গুৰুত্বৰ অৱস্থাত হাস্পতালখনত ভৰ্তি কৰাইছিল । কিন্তু ভৰ্তি কৰোৱাৰ কেইবাঘণ্টা অপেক্ষা কৰাৰ পিছটো নাহিল কোনো চিকিৎসক। এই সময়ছোৱাত চিকিৎসকে টিভিত ক্ৰিকেট খেল চাই আছিল আৰু চফিয়াৰ অৱস্থাৰ অৱনতি ঘটিছিল। অৱশেষত মাতৃৰ কোলাতেই মৃত্যু হ’ল কনমানি ছফিয়াৰ। ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।