আমিৰ খানে আজি ১৪ মাৰ্চ, তাৰিখে তেওঁৰ ৬০তম জন্মদিন উদযাপন কৰিছে। ইফালে, বৃহস্পতিবাৰে অভিনেতাজনে মুম্বাইত এক সাক্ষাৎ আৰু অভিবাদন অনুষ্ঠান অনুষ্ঠিত কৰে।
য’ত আমিৰ খানৰ প্ৰেমিকা গৌৰীক পৰিচয় কৰাই দি সংবাদ মাধ্যমক আচৰিত কৰে। জানিব পৰা মতে গৌৰী স্প্ৰৈতৰ সৈতে অভিনেতাগৰাকীয়ে ১৮ মাহ ধৰি ডেট কৰি আছে।
আমিৰে তেওঁৰ জন্মদিনৰ ঠিক আগতে আৰু সাংবাদিকসকলৰ সৈতে কথোপকথনৰ পিছত, আমিৰে গৌৰীক তেওঁৰ নতুন প্ৰেমিকা বুলি পৰিচয় কৰাই দিছিল।
কেৱল সেয়াই নহয়, অভিনেতা গৰাকীয়ে বিবাহ বিচ্ছেদৰ লগতে গৌৰীৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়েও মুকলিকৈ ব্যক্ত কৰিছে।
যেতিয়া সাংবাদিকসকলে খানক তেওঁৰ প্ৰেমিকাৰ বিষয়ে অধিক তথ্য বিচাৰিছিল, অভিনেতাজনে প্ৰকাশ কৰিছিল যে গৌৰী এজন ৬ বছৰীয়া পুত্ৰৰ মাতৃ।
ইফালে, আমিৰ খানে তেওঁৰ প্ৰেমিকাক প্ৰশংসা কৰি কয়, “মোৰ প্ৰেমিকা কেটৰিনা কাইফতকৈও বেছি ধুনীয়া।” “মই তেওঁৰ সৈতে থাকিলে ঘৰ যেন অনুভৱ কৰোঁ।
আমিৰে কয় যে তেওঁৰ সন্তান জুনেইদ আৰু ইৰাইও তেওঁক লগ পাই সুখী। ৬০ বছৰ বয়সত বিবাহৰ বিষয়ে সোধাত আমিৰে চিন্তাকৰি উত্তৰ দিছিল, “মই এই বয়সত বিবাহৰ বিষয়ে নাজানো, কিন্তু আমি ইজনে সিজনৰ প্ৰতি গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ।”
আমিৰে দিয়া তথ্য অনুসৰি তেওঁলোকৰ দুয়োজনৰ প্ৰথম বৈঠক ২৫ বছৰ আগতে হৈছিল, কিন্তু সময়ৰ লগে লগে তেওঁলোকৰ সম্পৰ্ক ছিন্ন হয়।
অৱশ্যে মাত্ৰ কেইবছৰমান পূৰ্বে দুয়োৰে পুনৰ সংযোগ স্থাপন কৰে। আমিৰে প্ৰকাশ কৰিছিল যে তেওঁলোক যোৱা ১৮ মাহ ধৰি সম্পৰ্কত আছে।
তেওঁ ধেমেলীয়াকৈ কৈছিল, ” মই আপোনাক এই বিষয়ে কোৱা নাছিলো!”মুম্বাইলৈ অহাৰ পূৰ্বে, গৌৰী বেংগালুৰুত বাস কৰিছিল।