কাইলৈ অনুষ্ঠিত হ’ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচন। এইবাৰ ডেমক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী কমলা হেৰিছ আৰু ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থী ডনাল্ড ট্ৰাম্পৰ মাজত নিৰ্বাচনী যুঁজ দেখিবলৈ পোৱা যাব । কমলা হেৰিছৰ সৈতে মিনেসোটাৰ গভৰ্ণৰ টিম ৱালজেও উপ-ৰাষ্ট্ৰপতিৰ বাবে প্ৰতিদ্বন্দিতা কৰি আছে । ডনাল্ড ট্ৰাম্প পূৰ্বেও ৰাষ্ট্ৰপতি আছিল । তেওঁ যোৱা নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হ’ব লগা হৈছিল । এইবাৰ তেওঁ পুনৰ প্ৰতিদ্বন্দিতা কৰিছে ।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ আৰু ৰাষ্ট্ৰপতি হোৱাৰ বাবে অৰ্হতাৰ পৰা অন্যান্য বহু ক্ষেত্ৰত বিতং বিৱৰণ আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানত কোৱা হৈছে যে ৰাষ্ট্ৰপতিৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ নিম্নতম ৩৫ বছৰ বয়সৰ প্ৰয়োজন। অৱশ্যে, সৰ্বাধিক বয়সৰ কোনো উল্লেখ নাই।নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সেইজনক হে যোগ্য বুলি বিবেচিত হ’ব যি কমেও ১৪ বছৰ ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰিব লাগিব। লগতে আমেৰিকা যুক্তৰাষ্ট্ৰত জন্মগ্ৰহণ কৰা বা যাৰ পিতৃ-মাতৃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিক তেনে ব্যক্তি হে ৰাষ্ট্ৰপতিৰ আসনখনৰ বাবে যোগ্য বুলি বিবেচিত হ’ব।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানত কোৱা হৈছে যে এজন ব্যক্তি একেৰাহে দুটা কাৰ্যকালৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ পিছত তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হ’ব নোৱাৰে।অৱশ্যে ইয়াৰ ব্যতিক্ৰমো হৈছে । ফ্ৰেংকলিন ডি ৰুজভেল্ট, যি আমেৰিকা যুক্তৰাষ্ট্ৰৰ চাৰিবাৰৰ ৰাষ্ট্ৰপতি আছিল। তেওঁৰ কাৰ্যকালৰ পিছত, সংবিধানৰ ২২ তম সংশোধনী অনা হৈছিল, য’ত কোৱা হৈছিল যে যিকোনো ব্যক্তি দুটা কাৰ্যকাল বা ৮ বছৰৰ বাবে ৰাষ্ট্ৰপতি হ’ব পাৰিব।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ বাবে কোনো শৈক্ষিক অৰ্হতা নিৰ্ধাৰণ কৰা হোৱা নাই। এজন নিৰক্ষৰ ব্যক্তিও আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’ব পাৰে বা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানত কোৱা হৈছে যে প্ৰতিজন ব্যক্তিৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সমান অধিকাৰ আছে। আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল যে তেওঁৰ অপৰাধমূলক ৰেকৰ্ড গুৰুত্বপূৰ্ণ নহয় আৰু চিকিৎসাৰ অৱস্থা বা ফিটনেছ গুৰুত্বপূৰ্ণ নহয়।