মেষ ৰাশি- মেষ ৰাশিৰ লোকসকলক আজি দিনটো অতি শুভ। কৰ্মক্ষেত্ৰত পাণ্ডিত্য প্ৰকাশ পাব। সংযম ৰক্ষা কৰিব। পুৰণি স্মৃতি ৰোমন্থন কৰিব। আৰ্থিক দিশত কিছু অসুবিধা হ’ব পাৰে। আজি শুভ ৰং বগা।
বৃষ ৰাশি- কৰ্মোন্নতি । আনৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ পাব ।হঠাৎ অহা কোনো খবৰে মনত দুখ দিব পাৰে। জীৱন সংগীৰ পৰা আশ্বাস লাভ কৰিব। ফটা কাপোৰ নিপিন্ধিব। শুভ ৰং ৰূপালী।
মিথুন ৰাশি- প্ৰশাসনিক দক্ষতা বৃদ্ধি পাব। কোনো দৰিদ্ৰ লোকক চেনি বা গাখীৰ দান কৰিব পাৰে। হাতলৈ ধন আহিব পাৰে। ভ্ৰমণৰ যোগ আছে। স্বাস্থ্যৰ প্ৰতি সাৱধান হ’ব। শুভ ৰং নীলা।
কৰ্কট ৰাশি-অধীৰ আগ্ৰহেৰে আজি কোনো অনিশ্চিত কাম কৰিবলৈ চেষ্টা নকৰিব। কৰ্মত দক্ষতা বৃদ্ধি পাব। অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ গৈ অযথা শত্ৰ চপাই নল’ব। শুভ ৰং মুগা।
সিংহ ৰাশি-কৰ্মত স্পৃহা বৃদ্ধি পাব। চোকা অস্ত্ৰৰ পৰা সাৱধান হ’ব। সম্পত্তি ক্ৰয়ৰ সম্ভাৱনা। বিদ্যাত উন্নতি। তুলসীৰ তলত চাকি দিয়ক, আতৰিব সকলো বাধা। দাম্পত্যত কিছু চিন্তা থাকিব। শুভ ৰং মাখন।
কন্যা ৰাশি- আজিৰ দিনটোৱে আপোনাৰ বাবে নতুন সুযোগ আৰু সুবিধা কঢ়িয়াই আনিব। আজিৰ দিনটোৱে আপোনাক আত্মবিশ্বাসেৰে ভৰাই তুলিব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লোৱা হ’ব । আজৰি সময়ত আলহী আহিব পাৰে। শুভ ৰং সোণালী।
তুলা ৰাশি- স্বাৱলম্বী চিন্তাই মনত ক্ৰিয়া কৰিব। দায়ৱদ্ধতা বৃদ্ধি পাব। হতাশা, কং ক্ষোভ সকলো দূৰ হ’ব । চৰকাৰী কামত তৎপৰ হ’ব। ব্যক্তিগত জীৱনত ইতিবাচক পৰিৱৰ্তন সম্ভৱ। শুভ ৰং আকাশী।
বৃশ্চিক ৰাশি- চঞ্চলতা বৃদ্ধি পাব । অৰ্থ লাভ । নতুন সুযোগ আৰু ইতিবাচক শক্তিৰে ভৰি পৰিব। স্বাস্থ্যৰ প্ৰতি অলপ সজাগ হ’ব। প্ৰিয় ব্যক্তিৰ সৈতে ভ্ৰমণৰ যোগ। শুভ ৰং ৰঙা।
ধনু ৰাশি- কৰ্মত সফলতা প্ৰাপ্তি। কোনো কথাত লৈ সংঘাত হ’ব পাৰে। পৰিয়ালৰ লোকসকলৰ সৈতে সম্পৰ্ক বনাই চলাওক। গাঠিৰ বিষ হ’ব পাৰে। বন্ধুৰ পৰা সহায় ল’বলৈ কুণ্ঠাবোধ নকৰিব। শুভ ৰং আকাশী।
মকৰ ৰাশি- বহু জ্ঞান অৰ্জনৰ সুযোগ পাব। ৰৈ থকা কোনো কাৰ্যসিদ্ধিৰ যোগ । আনক প্ৰশংসা কৰক। অৰ্থহানী হোৱাৰ সম্ভাৱনা। সিদ্ধান্ত লোৱাৰ আগত পৰিয়ালৰ সৈতে আলোচনা কৰিব। শুভ ৰং হালধীয়া।
কুম্ভ ৰাশি- ধীৰস্থিৰভাৱে কাম কৰক। মনোৰঞ্জনত ব্যস্ত নাথাকিব। আনে সমালোচনা কৰিলেও আৰপোনাৰ ক্ষতি কৰিব নোৱাৰে। হাতলৈ সুবিধা আহিব। নতুন পৰিকল্পনাৰ বাবে দিনটো শুভ । শুভ ৰং মটীয়া।
মীন ৰাশি- আৱেগ প্ৰৱণতা বৃদ্ধি পাব। প্ৰয়োজনতকৈ আনক বেছি গুৰুত্ব নিদিব। মাদক দ্ৰব্যৰ সেৱন নকৰিব। কিছুমান নতুন অভিজ্ঞতা সন্মুখীন হ’ব। নিজৰ যত্ন ল’ব। আৰ্থিক অৱস্থাৰ উন্নিত হ’ব। শুভ ৰং বগা।