বৰ্তমান দেশত ডিজিটেল এৰেষ্টৰ/গ্ৰেপ্তাৰৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে । ডিজিটেল এৰেষ্টৰ জৰিয়তে, চাইবাৰ অপৰাধীয়ে সহজে লোকসকলক প্ৰৱঞ্চনাৰ জালত পেলাব পাৰে । ইয়াৰ ফলত বহুলোকে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ধন হেৰুৱাব লগা হৈছে । অৱশ্যে, ডিজিটেল এৰেষ্টৰ পৰা হাত সাৰিবলৈ আৰক্ষী আৰু চৰকাৰে বিভিন্ন সময়ত জনসাধাৰণক পৰামৰ্শ দি আহিছে । তথাপিও, এই ঘটনাবোৰ এতিয়া নিয়ন্ত্ৰণ হোৱা নাই । ইয়াৰ মাজতে এতিয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত ৰাইজক সতৰ্ক কৰি দিছে । তেওঁ এটা ভিডিঅ’ ক্লিপৰ জৰিয়তে কয় যে, কেনেকৈ চাইবাৰ অপৰাধীয়ে ডিজিটেল এৰেষ্টৰ জৰিয়তে মানুহক প্ৰতাৰণা কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ৰেডিঅ’ৰ অনুষ্ঠান ‘মন কি বাত’ৰ ১১৫ সংখ্যক সংস্কৰণত ‘ডিজিটেল এৰেষ্ট’ৰ নামত হৈ থকা প্ৰৱঞ্চনাৰ বিৰুদ্ধে ৰাইজক সতৰ্ক কৰি দিছে ।
এনে ফোন আহিলে ভয় কৰিব নালাগেঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তদন্তকাৰী সংস্থাসমূহে এই সমস্যাটোৰ মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰসমূহৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে । ‘ডিজিটেল এৰেষ্ট’ৰ ভুক্তভোগীসকলৰ ভিতৰত প্ৰতিটো শ্ৰেণী আৰু প্ৰতিটো বয়সৰ লোক আছে । মানুহে ভয়ৰ বাবে উপাৰ্জন কৰা লাখ লাখ টকা হেৰুৱাইছে । যদি আপুনি কেতিয়াবা এনে কল পায়, তেন্তে আপুনি ভয় কৰিব নালাগে । প্ৰধানমন্ত্ৰী মোদীয়ে ৰাইজক সতৰ্ক কৰি দি কয়-আপোনালোকে জনা উচিত যে কোনো তদন্তকাৰী সংস্থাই কেতিয়াও ফোন কল বা ভিডিঅ’ কলৰ জৰিয়তে এনে তদন্ত নকৰে ।
ডিজিটেল এৰেষ্টৰ পৰা কেনেদৰে বাচি থাকিব, ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে-
দেওবাৰে ‘মন কি বাত’ৰ ১১৫ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে ডিজিটেল গ্ৰেপ্তাৰৰ পৰা কেনেদৰে বাচি থাকিব সেই বিষয়ে কয় । প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰৱঞ্চকৰ কাৰ্যপ্ৰণালী দেখুওৱা এটা ভিডিঅ’ ক্লিপ দেখুৱাইছিল । তেওঁ কয় যে ডিজিটেল গ্ৰেপ্তাৰৰ নামত প্ৰৱঞ্চনাৰ পৰা সাৱধান হৈ থাকিব । আইনৰ অধীনত ডিজিটেল গ্ৰেপ্তাৰৰ দৰে কোনো ব্যৱস্থা নাই । কোনো তদন্তৰ বাবে, কোনো চৰকাৰী সংস্থাই কেতিয়াও ফোন বা ভিডিঅ’ কলৰ জৰিয়তে যোগাযোগ নকৰে ।
কোনো চৰকাৰী সংস্থাই ফোনযোগে এনে ধৰণৰ ভাবুকি প্ৰদান নকৰে : প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰৱঞ্চকে আৰক্ষী, চি বি আই, নাৰ্কটিকছ আৰু কেতিয়াবা আৰ বি আইৰ বিষয়া বুলি পৰিচয় দিয়ে । এনে ধৰণৰ বেলেগ বেলেগ নাম ব্যৱহাৰ কৰি, প্ৰৱঞ্চকে অতি আত্মবিশ্বাসেৰে ভুৱা বিষয়া হিচাপে নিজকে পৰিচয় দি আপোনাৰ সৈতে কথা পাতে । প্ৰায়ে মানুহে তেওঁলোকৰ জালত পৰে । প্ৰধানমন্ত্ৰী মোদীয়ে মানুহক চাইবাৰ কেলেংকাৰীৰ বিৰুদ্ধে যুঁজত যোগদান কৰিবলৈ আহ্বান জনাই । লগতে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহক এই সন্দৰ্ভত সজাগতা অভিযান চলাবলৈ আহ্বান জনায় ।
ডিজিটেল এৰেষ্টৰ’ পৰা হাত সাৰিবলৈ বিশেষ টিপছ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে-
এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ডিজিটেল এৰেষ্টৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ ৩টা পদক্ষেপ মানি চলিবলৈ আহ্বান জনায় । তেওঁ কয় যে যদি এনে কোনো ফোন বা ভিডিঅ’ কল আহে তেন্তে বন্ধ কৰক, চিন্তা কৰক আৰু তাৰ পিছত ব্যৱস্থা লওক । খৰখেদাকৈ কোনো পদক্ষেপ গ্ৰহণ নকৰিব । আপোনাৰ ব্যক্তিগত তথ্য নিদিব । প্ৰথমতে শান্ত হৈ থাকক আৰু আতংকিত নহ’ব । সম্ভৱ হ’লে ৰেকৰ্ডিং কৰক বা স্ক্ৰীণ ৰেকৰ্ডিং কৰক । দ্বিতীয়তে, মনত ৰাখিব যে কোনো চৰকাৰী সংস্থাই আপোনাক ফোন বা অনলাইনত ভাবুকি নিদিয়ে । তৃতীয়তে, ৰাষ্ট্ৰীয় চাইবাৰ হেল্পলাইনৰ সৈতে সংযোগ স্থাপন কৰিবলৈ ১৯৩০ ফোন কৰি ব্যৱস্থা গ্ৰহণ কৰক, http://cybercrime.gov.in ত ৰিপৰ্ট কৰক । লগতে পৰিয়ালৰ সদস্য আৰু আৰক্ষীক এনে অপৰাধৰ বিষয়ে অৱগত কৰক । এই গোচৰৰ সৈতে জড়িত প্ৰমাণসমূহ সুৰক্ষিত ৰাখক ।
ডিজিটেল গ্ৰেপ্তাৰ কি ?
ডিজিটেল এৰেষ্টত এজন ব্যক্তিক চৰকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰিছে বুলি অনলাইন মাধ্যমৰ জৰিয়তে ভাবুকি দিয়ে । ইয়াত ভুক্তভোগীজনক জৰিমনা ভৰিবলৈ ভাবুকি দিয়া হয় । ডিজিটেল এৰেষ্ট এনে এটা শব্দ যিটো আইনত নাই । কিন্তু, অপৰাধীৰ ক্ৰমাৎ বৃদ্ধি পোৱা অপৰাধৰ বাবেই ইয়াৰ উন্মেষ ঘটিছে । যোৱা তিনিমাহত দিল্লী-এনচিআৰত এনেধৰণৰ ৬০০টা গোচৰ সংঘটিত হৈছে, য’ত ৪০০ কোটি টকাৰ প্ৰৱঞ্চনা সংঘটিত হৈছে । ইয়াৰ বাহিৰেও বহু অসংখ্য ঘটনা সংঘটিত হৈছে । এনে বহু গোচৰত প্ৰৱঞ্চনা কৰিবলৈ চেষ্টা কৰাসকল সফল নহয় । ডিজিটেল গ্ৰেপ্তাৰৰ সংগঠিত চক্ৰ এতিয়াও উন্মোচিত হোৱা নাই, যাৰ বাবে ডিজিটেল এৰেষ্টৰ গোচৰ বৃদ্ধি পাইছে ।