মেষ – অযথা চিন্তা কৰাৰ পৰা দূৰৈত থাকক । বিনিয়োগ কৰা সময়ত অতি সোনকালে কোনো নিৰ্ণয় নলয় যেন । স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান দিয়ক । প্ৰেমত সফলতা প্ৰাপ্তিৰ যোগ ।সূৰ্য নমস্কাৰ কৰক ।হাতলৈ সুযোগ আহিব ।যিকোনো প্ৰতিকূল পৰিস্থিতিত ধৈৰ্য্য নেহেৰুৱাব । মানসিকভাৱে সুস্থ হৈ থাকিবলৈ ধ্যান কৰক।ঘনিষ্ঠ সম্পৰ্কবোৰ অধিক শক্তিশালী কৰক।ব্যয় বৃদ্ধি ৷ অত্যাধিক চিন্তা নকৰিব ৷ আৰ্থিক অৱস্থাৰ অধিক অৱনতি হ’ব ৷ নেতিবাচক চিন্তাৰ পৰা দূৰত থাকক ৷
বৃষ ৰাশি – খাদ্যৰ ওপৰত বিশেষ ধ্যান দিয়াৰ দৰকাৰ হ’ব । আৰ্থিক দিশত ভাল ফলাফল লাভৰ সম্ভাৱনা । প্ৰেমত খং ৰাগৰ বাবে জটিল পৰিস্থিতি আহিব পাৰে । ব্যৱসায়ত কৰ্মচাৰীৰ মাজত সমন্বয় বজাই ৰখাত কিছু অসুবিধা হ’ব। মহিলাসকলে কৰ্ম আৰু পৰিয়ালৰ মাজত ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ’ব পাৰে।বাহন ক্ৰয়ৰ সৈতে জড়িত পৰিকল্পনা কাৰ্যকৰী কৰা হ’ব। সঠিক ফলাফল পোৱাৰ পিছত আপুনি সুখী অনুভৱ কৰিব। ধৈৰ্য্যৰে সমস্যা সমাধান কৰক।
মিথুন ৰাশি – চিকিৎসাৰ নামত ধন খৰছ হ’ব পাৰে । আজি নিজৰ বাবে বহু সময় পাব । কর্মক্ষেত্ৰত উন্নত্তিৰ যোগ । পৰিয়ালৰ সদস্যৰ সৈতে ভাল সময় অতিবাহিত হ’ব।প্ৰেমত ভুল বুজাবুজিৰ প্ৰৱল সম্ভাৱনা আছে ৷ইতিবাচক চিন্তাধাৰাই আপোনাক যিকোনো সমস্যাৰ সমাধান বিচাৰি উলিওৱাৰ ক্ষমতা প্ৰদান কৰিব। খং নিয়ন্ত্ৰণ কৰিব লাগিব।
কৰ্কট ৰাশি – আজি আপুনি ভূলতো পইচা ধাৰলৈ নিদিব । বন্ধুৰ পৰা সহায় লাভ কৰিব । পৰিয়ালত সামঞ্জস্যৰ সৃষ্টি হ’ব। আপোনাৰ অতীতৰ এটা ৰহস্যই আপোনাৰ জীৱন সংগীক আজি নিৰাশ কৰিব পাৰে ।ভাই-ভনীৰ লগত চলি থকা বিবাদৰ সমাধান হ’ব আৰু সম্পৰ্কত মধুৰতা আহিব। কঠিন পৰিস্থিতিত পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপযুক্ত হ’ব। লেনদেনত অতি সাৱধান হোৱাটো জৰুৰী।
সিংহ ৰাশি – ধন সঞ্চয় কৰাত সফল হ’ব । ঘৰত কিছুমান পৰিৱৰ্তন আনিবৰ বাবে বাকী সদস্যৰ মতামত লোৱাও জৰুৰী। আপোনাৰ প্ৰিয়জনৰ অনুপস্থিতিত আপুনি নিজে খালী খালী অনুভৱ কৰিব।আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব ৷ কোনো অসাধাৰণ কাম কৰি দেখুৱাব পাৰিব ৷ পদোন্নতি, পিতৃৰ দ্বাৰা উপকৃত হোৱা, প্ৰশংসা প্ৰাপ্তি, সন্মান বৃদ্ধি ইত্যাদি সকলৰ যোগ আছে ৷আজি যিকোনো ধাৰে দিয়া ধন ঘূৰাই পাব পাৰে । কোনো ডাঙৰ লোকক লগ পোৱাৰ সুযোগ পাব।
কন্যা ৰাশি – খৰচৰ মাত্ৰা নিয়ন্ত্ৰণ কৰক । খালী সময়ৰ সৎ ব্যৱহাৰ কৰক । আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰে। আজি আপুনি জীৱন সংগীৰ লগত ৰোমাণ্টিক ভাৱে কটাব পাৰে ।ধৰ্মীয় স্থানত বা তীৰ্থযাত্ৰাত যাব পাৰে ৷ বিদেশত যোৱাৰ সুযোগ পাব পাৰে ৷বিভ্ৰান্তিৰ ক্ষেত্ৰত অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ’ব। মানসিক আৰু শাৰীৰিক শক্তি লাভ কৰিব। আত্মকেন্দ্ৰিক হোৱা আৰু অহমিকাবোধ ক্ষতিকাৰক হ’ব পাৰে। বৈবাহিক সম্পৰ্কত কিছুমান মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।
তুলা ৰাশি- স্বাস্থ্যৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ভাল হ’ব ।ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ীৰ মুখত হাহিঁ বিৰিঙাবলৈ সক্ষম হ’ব । পৰিয়ালৰ সদস্যই আপোনাৰ ওপৰত খং কৰিব পাৰে ।বেমাৰী মানুহক আৰ্থিক ভাৱে সহায় কৰক ।প্ৰেমৰ সম্পৰ্কত বুজাবুজি বজাই ৰাখিবলৈ ইজনে সিজনৰ বাবে সময় উলিওৱাটো গুৰুত্বপূৰ্ণ । পেশীৰ বিষৰ সমস্যা বাঢ়িব পাৰে।কিছুমান প্ৰত্যাহ্বানৰ সৃষ্টি হ’ব, তথাপিও নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। আৱেগেৰে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব।
বৃশ্চিক ৰাশি – আৰ্থিক লেন দেন ভাবি চিন্তি কৰক । স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান দিয়ক । ব্যৱসায়ত উন্নত্তিৰ যোগ । পাৰিবাৰিক দিশত শুভ সময় ।আপোনাৰ ইচ্ছামতে সফলতা লাভ কৰিব।নিজৰ শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। জ্যেষ্ঠ লোকৰ পৰা সহায় লোৱা ভাল। ব্যৱসায়ত কিছু পৰিৱৰ্তন পৰিকল্পনা কৰিব পাৰে । কাৰ্যালয়ত কিছু বিশেষ কৰ্তৃত্ব পাব পাৰে। প্ৰেমৰ সম্পৰ্কতো আৱেগিক বান্ধোন গভীৰ হৈ পৰিব।সৰুসুৰা ভ্ৰমণৰ পৰিকল্পনা কৰক ৷ সামাজিক মৰ্যাদা লাভ কৰিব ৷ সন্মান বৃদ্ধি ৷
ধনু ৰাশি – ঋণ দিয়াৰ পৰা দূৰৈত থাকক । আপোনাৰ জীৱন সংগীৰ স্বাস্থ্যই আপোনাক চিন্তাত পেলাব পাৰে।। অলপ মনোমালিন্য হোৱাৰ পিছতো আজি আপোনাৰ প্ৰেম জীৱন ভালে যাব । স্বাস্থ্য উন্নত থাকিব ।ব্যস্ততাৰ বাবে চলি থকা মানসিক চাপৰ পৰা সকাহ পাবলৈ কিছু সময় মনোৰঞ্জন আৰু পৰিয়ালৰ সৈতে ভ্ৰমণ কৰাৰ বাবে পৰিকল্পনা কৰক ।সামাজিক কাম-কাজত সম্পূৰ্ণ অৰিহণা যোগাব। যুৱক-যুৱতীসকলে নিজৰ ভৱিষ্যতৰ সৈতে জড়িত কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। বিতৰ্কিত বিষয়টো শান্তিপূৰ্ণভাৱে সমাধান কৰক। চিকিৎসা খণ্ডৰ সৈতে জড়িত ব্যৱসায়ত ভাল লাভ হ’ব৷ কৰ্মৰ বাবে প্ৰশংসা লাভ কৰিব।
মকৰ ৰাশি – ঘৰত কাম কৰোতে অধিক সাৱধান থাকক ।আজি আপোনাৰ ধন সঞ্চয় কৰোঁতে বহুত কষ্ট হ’ব।প্ৰিয়জনৰ অনাৱশ্যকীয় প্ৰয়োজন সমূহৰ সন্মূখত মূৰ নত নকৰিব। ইতিবাচক মনোভাৱ মনলৈ আহিব ৷ ঘৰুৱা পৰিৱেশ আনন্দমুখৰ হৈ থাকিব ৷ স্বাস্থ্য উত্তম ৷ কৰ্মক্ষেত্ৰত আৰু ক্ৰীড়াক্ষেত্ৰত ইতিবাচক সহাঁৰি পাব ৷ কৰ্মক্ষেত্ৰত দিনটো অনুকূল ৷ সহকৰ্মীসকলৰ পৰা সহযোগিতা পাব ৷ আৰ্থিক লাভৰ যোগ আছে ৷জ্বৰ আৰু গাঁঠিৰ বিষে আপোনাক আমনি কৰিব।
কুম্ভ ৰাশি – বন্ধুৰ পৰা প্ৰতাৰণা পাব পাৰে । প্ৰিয়জনৰ কোনো কথাই আপোনাক দুখ দিব পাৰে । খালি সময়ৰ সৎ ব্যৱহাৰ কৰক । পাৰিবাৰিক বাতাবৰণ সুখৰ হ’ব । গ্ৰহৰ অৱস্থান আজি ভাল নহয় ৷ দিনটো চিন্তিত হৈ থাকিব ৷ মানসিকভাৱে অস্থিৰ হৈ পৰিব ৷ ঘৰত কোনো সংঘাত হ’ব পাৰে ৷ দুশ্চিন্তাত ভুগিব পাৰে ৷ প্ৰতিপক্ষ বা শত্ৰুৰ সৈতে তৰ্কত নোসোমাব ৷আত্মপৰ্যবেক্ষণৰ বাবে কিছু সময় উলিয়াই লওক। মহিলাসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি বিশেষভাৱে সচেতন হওক।আৱেগিক হৈ থাকিব আৰু দুশ্চিন্তাৰ চিকাৰ হ’ব ৷ মানসিক সুখ-শান্তিৰ অভাৱে কষ্ট দি থাকিব ৷
মীন ৰাশি – আজি আপোনাপোনাৰ স্বাস্থ্য ভালে থাকিব। আইনী কাগজপত্ৰ, বিশেষকৈ মাটি, সম্পত্তি বা গাড়ীৰ কাগজপত্ৰক লৈ সাৱধানে থাকিব ৷ঘৰুৱা ব্যৱস্থাক লৈ বৈবাহিক সম্পৰ্কত কিছু বিবাদ হ’ব পাৰে। অতিৰিক্ত কামৰ বোজা বৃদ্ধি পাব কিন্তু আপুনি আপোনাৰ ইতিবাচক চিন্তা আৰু সামৰ্থ্যৰে ইয়াক সহজে চম্ভালিব।ঘৰলৈ আলহীৰ আগমন হ’ব।কোনো অচিনাকি ব্যক্তিৰ দ্বাৰা প্ৰতাৰিত হ’ব পাৰে। ধৈৰ্য্য আৰু বুজাবুজিৰে কাম কৰক। ব্যৱসায়ত অগ্ৰগতি লাভৰ বাবে উপযুক্ত সুযোগ সৃষ্টি কৰক। লেনদেন সম্পৰ্কীয় বিষয়ত সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ। আত্মবিশ্বাস বাঢ়িব।