৯৭ সংখ্যক একাডেমী বঁটা অৰ্থাৎ অস্কাৰ ২০২৫ৰ আৰম্ভণি অতি ধুমধামেৰে হয় । এইবাৰ একাডেমী বঁটাৰ আয়োজন কৰে কনন অ’ব্ৰাইনে । প্ৰথমবাৰৰ বাবে তেওঁ অস্কাৰ আয়োজনৰ দায়িত্ব লয় । এই অনুষ্ঠানত দেখা গ’ল হলিউডৰ তাৰকাসকলৰ গ্লেমাৰ । এই অনুষ্ঠানত জিলিকি উঠে আনোৰা, এই ছবিখনে ৫টা বঁটা লাভ কৰে । এড্ৰিয়ান ব্ৰডী শ্ৰেষ্ঠ অভিনেতা আৰু মাইকি মেডিচনে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে ।
‘অনোৰা’ই লাভ কৰে ৫টা বঁটা-
অস্কাৰ বঁটাত অনোৰাই ৫টা বঁটা লাভ কৰে । ইয়াৰ নায়িকা মাইকি মেডিচন শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে পৰিগণিত হয় । এই ছবিখনে শ্ৰেষ্ঠ সম্পাদনা, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্যৰ বঁটা লাভ কৰে । এই সফলতাত ছবিখনৰ পৰিচালক শ্বেন বেকাৰ অত্যন্ত সুখী ।
শ্বীন বেকাৰে ৰচনা কৰিলে ইতিহাস-
অস্কাৰ ২০২৫ত সকলোকে কঠোৰ প্ৰতিযোগিতা দিছিল আনোৰা ছবিখনে । ইয়াৰ পৰিচালক শ্বীন বেকাৰে অভিলেখ ভংগ কৰিছে । একেখন ছবিৰ বাবে একেটা বছৰতে চাৰিটাকৈ অস্কাৰ বঁটা লাভ কৰা প্ৰথমজন পৰিচালক হিচাপে পৰিগণিত হয় তেওঁ । তেওঁ শ্ৰেষ্ঠ ছবি, পৰিচালক, মৌলিক চিত্ৰনাট্য, সম্পাদনাৰ বঁটা লাভ কৰে ।
অস্কাৰৰ দৌৰৰ পৰা বাহিৰ ‘অনুজা’-
শ্ৰেষ্ঠ লাইভ একচন চুটি ছবি শাখাত বঁটা লাভৰ পৰা বঞ্চিত হয় ‘অনুজা’। এই ছবিখনৰ নিৰ্মাতা আছিল এডাম গ্ৰেভছ । প্ৰিয়ংকা চোপ্ৰা আৰু গুনীত মংগা সহ-প্ৰযোজক হিচাপে চিনেমাখনৰ সৈতে জড়িত । অনুজা এটা কাৰখানাত কাম কৰা ৯ বছৰীয়া এগৰাকী ছোৱালীৰ কাহিনী । অনুজাৰ চৰিত্ৰত অভিনয় কৰিছে সাজদা পাঠনে । প্ৰকৃততে তেওঁ আছিল শিশু শ্ৰমিক । তেওঁক উদ্ধাৰ কৰে ‘ছালাম বালক ট্ৰাষ্ট’ নামৰ বেচৰকাৰী সংস্থাটোৱে । সাজদাক পঢ়া-শুনা আৰু লিখাৰ সুযোগ দিয়ে সংস্থাটোৱে ।
শ্ৰেষ্ঠ সহ-অভিনেতা – কাইৰেন কলকিন (এ ৰিয়েল পেইন)
শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বঁটা লাভৰ দৌৰত কাইৰেন কলকিনে এডৱাৰ্ড নৰ্টন, ইউৰা বৰিছভ, গাই পিয়ৰ্চ আৰু জেৰেমি ষ্ট্ৰংক পৰাস্ত কৰে । বঁটা লাভ কৰাৰ পিছত তেওঁ সকলোকে ধন্যবাদ জনায় । পৰিয়ালক প্ৰশংসা কৰি তেওঁ তেওঁলোকৰ সহায়ৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে ।
শ্ৰেষ্ঠ সহ-অভিনেত্ৰী – জয়ী চল্ডানা (এমিলিয়া পেৰেজ )-
বঁটা লাভ কৰাৰ পিছত জ’ই আৱেগিক হৈ পৰে । মঞ্চলৈ আহি তেওঁ ছবিখনৰ অভিনেতা-অভিনেত্ৰী, ক্ৰু আৰু পৰিয়ালক ধন্যবাদ জনায় ।
বিজয়ীৰ তালিকা…
শ্ৰেষ্ঠ চলচ্চিত্ৰ – আনোৰা
শ্ৰেষ্ঠ অভিনেতা – এড্ৰিয়ান ব্ৰডী (দ্য ব্ৰুট্ৰুটিষ্ট)
শ্ৰেষ্ঠ অভিনেত্ৰী – মাইকী মেডিচন (আনোৰা)
শ্ৰেষ্ঠ পৰিচালক – শ্বীন বেকাৰ (আনোৰা)
শ্ৰেষ্ঠ মেকআপ আৰু হেয়াৰষ্টাইলিং – দ্য চাবছটেন্স
শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্য – কনক্লেভ
শ্ৰেষ্ঠ মূল চিত্ৰনাট্য – আনোৰা
শ্ৰেষ্ঠ এনিমেটেড চলচ্চিত্ৰ – ফ্লু