যদি আপুনি ভাৱে যে মহে কেৱল ডেংগু, মেলেৰীয়া আৰু চিকুনগুনিয়া বিয়পাব পাৰে, তেন্তে আপুনি ভুল ভাবিছে । কাৰণ মহে আপোনাৰ শৰীৰলৈ বিপদজনক জ্বৰৰ ভাইৰাছো সংক্ৰমিত কৰিব পাৰে, যি গুৰুতৰ হ’ব পাৰে । কেলিফৰ্ণিয়াৰ কনট্ৰা কোষ্টা কাউন্টিত জিকা (Zika) আৰু হালধীয়া জ্বৰৰ(Yellow Fever) দৰে গুৰুতৰ ৰোগ বিয়পাব পৰা এটা বিপদজনক মহ চিনাক্ত হৈছে । এই মহবোৰ Aedes Mosquito (এডিছ) নামৰ এবিধ প্ৰজাতিৰ, যি এই তীব্ৰ জ্বৰৰ বাবে দায়ী । এই দুয়োটা জ্বৰ কিমান বিপদজনক জানক…
কেলিফৰ্ণিয়াৰ কোনবোৰ অংশত বিপদ বৃদ্ধি পাইছে-
কনট্ৰা কোষ্টা কাউন্টি স্বাস্থ্য বিভাগে জনোৱা মতে, কনকৰ্ড, ৱালনাট ক্ৰিক আৰু পিটচবাৰ্গকে ধৰি বহু ঠাইত এই মহ পোৱা গৈছে । স্বাস্থ্য বিষয়াসকলে মানুহক সতৰ্ক কৰি দিছে যে তেওঁলোকৰ ঘৰ আৰু আশে-পাশে থকা অঞ্চলত মহ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰক, যাতে এই ৰোগসমূহৰ পৰা হাত সাৰিব পাৰি । স্বাস্থ্য বিভাগৰ মতে, কনট্ৰা কোষ্টা কাউন্টিত এতিয়াও জিকা বা হালধীয়া জ্বৰৰ কোনো ৰোগী ধৰা পৰা নাই যদিও মহৰ উপস্থিতিয়ে ইয়াৰ সম্ভাৱনা বৃদ্ধি কৰিছে ।

জিকা আৰু হালধীয়া জ্বৰৰ বিপদ-
জিকা আৰু হালধীয়া জ্বৰ দুয়োটা অতি গুৰুতৰ প্ৰকাৰৰ জ্বৰ, যিবোৰ মহে কামোৰাৰ ফলত বিয়পে । গৰ্ভৱতী মহিলা জিকা ভাইৰাছত আক্ৰান্ত হোৱাৰ আশংকা সৰ্বাধিক । ইয়াৰ ফলত তেওঁলোকৰ সন্তানৰ জন্মগত বিসংগতি হ’ব পাৰে । আনহাতে হালধীয়া জ্বৰ ভাইৰাছে তীব্ৰ জ্বৰ, বিষ আৰু যকৃতৰ লগত জড়িত সমস্যাৰ সৃষ্টি কৰিব পাৰে ।
মহ নিয়ন্ত্ৰণৰ ব্যৱস্থা-
১/ আপোনাৰ ঘৰ আৰু আশে-পাশে পানী জমা হ’বলৈ নিদিব ।
২) মহক আকৰ্ষণ কৰা গছবোৰ আঁতৰাই পেলাব লাগে ।
৩) দুৱাৰ-খিৰিকীত জাল লগাব লাগে।
৪) মহ প্ৰতিৰোধী সামগ্ৰী যেনে কইল, তৰল বা ক্ৰীম ব্যৱহাৰ কৰিব লাগে ।
৫) মহৰ পৰা নিজকে ৰক্ষা কৰিবলৈ শৰীৰটো ঢাকি ৰাখক আৰু ঔষধ ব্যৱহাৰ কৰক ।
৬) মহৰ দ্বাৰা বিয়পিব পৰা ৰোগৰ প্ৰতি সচেতন হওক ।