ভাৰতীয় সময় অনুসৰি সোমবাৰে (১৮ নৱেম্বৰ, ২০২৪) আমেৰিকাৰ কেলিফৰ্ণিয়াত লৰেন্স বিষ্ণোইৰ ভাতৃ আনমোল বিষ্ণোইক আটক কৰা হৈছে । যোৱা মাহত ভাৰত চৰকাৰে নন-বেইল ধাৰাত ৱাৰেণ্ট জাৰি কৰিছিল আনমোলৰ বিৰুদ্ধে । কেন্দ্ৰীয় গৃহ বিভাগ বা এন আই এয়ে এই বিষয়ত আনুষ্ঠানিক তথ্য দিব পাৰে ।
মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই আনমোল বিষ্ণোইক প্ৰত্যাৰ্পণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সপ্তাহৰ পিছত এই পদক্ষেপ লোৱা হৈছে । আনমোল বিষ্ণোই এনচিপি নেতা বাবা চিদ্দিকীৰ হত্যা আৰু অভিনেতা চলমান খানৰ বান্দ্ৰাৰ বাসগৃহ গেলাক্সী এপাৰ্টমেণ্টত গুলীচালনাৰ সৈতে জৰিত এজন পলাতক অভিযুক্ত ।
আনমোলৰ বিৰুদ্ধে গোচৰ ৰুজু-
ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ)ৰ দ্বাৰা আনমোল বিষ্ণোইৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ দুটাৰ উপৰিও তেওঁৰ বিৰুদ্ধে আন ১৮টা অপৰাধমূলক গোচৰো ৰুজু হৈছে । শেহতীয়াকৈ এন আই এয়ে আনমোলক গ্ৰেপ্তাৰ কৰাত সহায়ক হোৱা তথ্য প্ৰদান কৰা ব্যক্তিক ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল ।
অপৰাধৰ জগতত কেনেকৈ প্ৰৱেশ কৰিলে আনমোলে ?
ভাতৃ লৰেন্সৰ পদাংক অনুসৰণ কৰি অপৰাধৰ জগতখনত প্ৰৱেশ কৰিছে আনমোল বিষ্ণোই । ২০২১ চনৰ ৭ অক্টোবৰত জামিনত মুকলি কৰি দিয়া হৈছিল আনমোলক । ২০২৩ চনত তদন্তকাৰী সংস্থাটোৱে তেওঁৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল । ভুৱা পাছপ’ৰ্ট লৈ ভাৰতৰ পৰা পলায়ন কৰিছিল তেওঁ । খবৰ অনুসৰি আনমোল বিষ্ণোইয়ে নিজৰ স্থান সলনি কৰি আছিল আৰু যোৱা বছৰ কেনিয়া আৰু এই বছৰ কানাডাত দেখা গৈছিল ।