মেষ ৰাশি- সামাজিক আৰু ধৰ্মীয় চিন্তা উন্নত। শনি মন্দিৰত ধূপ-চাকি জ্বলাওক । অসাধ্য সাধনৰ যোগ। অদৰকাৰী বিবাদ, অৰ্থহীন যুক্তিতৰ্কৰ পৰা আতৰি থাকিব। অন্যথা আপোনাৰ ক্ষতি হ’ব পাৰে। ঘৰলৈ আলহীৰ আগমন হ’ব। আৰ্থিক আৰু বিনিয়োগ পৰিকল্পনাসমূহ কাৰ্যকৰী কৰিব পাৰে।
বৃষ ৰাশি- কৰিবলগীয়া কোনো কাম আজি শেষ হ’ব। নতুন কাম কৰাৰ পূৰ্বে ভালদৰে পৰিকল্পনা কৰি লওক। ঠিকাদাৰৰ মানহানি হোৱাৰ সম্ভাৱনা আছে।সন্তানৰ কোনো কামে অশান্তি দিব পাৰে। খং কমাব। পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব। হাতত থকা ধন খৰছ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
মিথুন ৰাশি- মনত সন্তুষ্টি পাব যদিও কামত শত্ৰুৱে বাধা দিব পাৰে। পৰকীয়া প্ৰেমত পৰিলে মানহানি হ’ব। দিনটো ভাগৰ অনুভৱ কৰিব। বন্ধু বৰ্গৰ সৈতে সময় কটাওক । কৰ্ম ক্ষেত্ৰত জ্যেষ্ঠজনৰ পৰা হেঁচা পাব। লোভ সম্বৰণ কৰক, অন্যথা পেটৰ সমস্যা হ’ব পাৰে।
কৰ্কট ৰাশি- যিকোনো কামত আত্মনিৰ্ভৰশীল হ’ব পাৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখক। বাটৰ গৰুৰ খাদ্য খুৱাব। ঘৰৰ পৰা ওলাই যাওতে দুচকীয়া বাহনৰ পৰা সাৱধান হ’ব। বেলেগৰ কথাত মাত মতাৰ স্বভাৱ সলনি কৰক। কৰ্মত পদোন্নতিৰ সম্ভাৱনা আছে।
সিংহ ৰাশি- আনে আপোনাৰ গুণ গৰিমা প্ৰচাৰ কৰিব। বিবাহৰ কথা আগবাঢ়িব পাৰে। খোৱা-বোৱাত সাৱধান হ’ব। আৱেগক নিয়ন্ত্ৰণ কৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ। আৰ্থিক দুখৰ পৰা মুক্তি পাব পাৰে। শীঘ্ৰেই বিদেশ ভ্ৰমণৰ সুযোগ আহিব । সম্পত্তি ক্ৰয়ৰ সম্ভাৱনা আছে।
কন্যা ৰাশি- কষ্টোপাৰ্জিত ধনৰ সদব্যৱহাৰ হ’ব। বিদ্যাৰ্থী সকলৰ বাবে দিনটো বৰ ভালে নাযাব।মন, শৰীৰ আৰু আত্মা সুখত থাকিব ৷ ব্যক্তিগত দিশটো অলপ কঠিন হ’ব ৷ মাতৃৰ শৰীৰৰ অৱনতি হ’ব ৷ পৰিয়ালৰ সদস্যৰ বদনাম হ’ব পাৰে ৷ প্ৰতিটো ক্ষেত্ৰতে সাৱধানতা অৱলম্বন কৰক ৷ পানীৰ পৰা আঁতৰি থাকক ৷ ঘৰতে হনিমান চালিশা পাঠ কৰিব পাৰে।
তুলা ৰাশি- কৰ্ম নিষ্ঠা বৃদ্ধি পাব। অবাবত খৰচ বৃদ্ধি পাব। আনৰ পৰা বেছি আশা নকৰিব।নতুন প্ৰকল্প বা কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে ৷ মধ্যাহ্নৰ পিছত, শাৰীৰিক আৰু মানসিকভাৱে ক্লান্ত অনুভৱ কৰিব পাৰে ৷ সৰু সৰু কথাত তৰ্ক কৰাৰ পৰা বিৰত থাকক ৷ প্ৰেমত কোনো বাধা আহিব ।অযথা কাৰোৰে লগত কাজিয়াত লিপ্ত নহ’ব।
বৃশ্চিক ৰাশি- পদমৰ্যাদা গুৰুত্ব দিয়ক। মইমতালিৰে কোনো কাম নকৰিব। আনক সন্তুষ্ট কৰা টান হ’ব । ধন প্ৰাপ্তিৰ সম্ভাৱনা। ভ্ৰমণৰ যোগ আছে।যিকোনো কামত ধৈৰ্য নেহেৰুৱাব৷ কাজিয়া আৰু অৰ্থহীন তৰ্কৰ পৰা বিৰত থাকক ৷ ব্যৱসায়ত ধন বিনিয়োগ কৰাৰ পূৰ্বে ভালদৰে চিন্তা কৰিব। প্ৰেমৰ ক্ষেত্ৰত ঘৰৰ পৰা সমৰ্থন নাপাব। সময়ৰ সদব্যৱহাৰ কৰক।
ধনু ৰাশি- কাম-কাজৰ পৰিসৰ বৃদ্ধি পাব। অতিপাত খৰচে মন ভাৰাক্ৰান্ত কৰিব। যিকোনো ব্যৱসায়ত হাত নিদিব।দিনটোৰ প্ৰথমাৰ্ধত সুখ আৰু সন্তুষ্টি লাভ কৰিব ৷ মধ্যাহ্নৰ পিছত আৰ্থিক লাভ, সামাজিক যাত্ৰা আৰু মন্দিৰ দৰ্শন আদিৰ সম্ভাৱনা আছে ৷ ঘৰত পৰিস্থিতি জটিল হ’ব ৷ পৰিয়ালক লগত লৈ ফুৰিব যাব পাৰে।
মকৰ ৰাশি- অতি বলিষ্ঠ চিন্তাই উৎসাহ যোগাব। আনৰ সুনাম নষ্ট নকৰিব। ধৰ্মীয় নীতি মানি চলক। বিবাহৰ সংযোগ হ’ব।সতৰ্ক আৰু সাৱধান হৈ থকা উচিত ৷ আইনী বিবাদৰ সাক্ষী হ’ব ৷ গাড়ী ভালকৈ চলাব, দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে ৷ মনোভাৱ আৰু শাৰীৰিক ভংগীমাসমূহৰ প্ৰতি লক্ষ্য ৰখা উচিত ৷
কুম্ভ ৰাশি- কামত আত্মসন্তুষ্টি লাভ কৰিব।দৰিদ্ৰ জনক ভোজন কৰাওক। খিংখিঙীয়া স্বাভাৱটো সলনি কৰক। ঘৰলৈ আলহীৰ আগমণ হ’ব। ওচৰ-চুবুৰীয়াৰ সৈতে কোনো কথাত মতানৈক্য হ’ব। আইনী কোনো কামতে হাত নিদিব। পিঠিৰ বিষত ভুগিব পাৰে।
মীন ৰাশি- বিনোদন-মনোৰঞ্জন কমাওক। আনক সহজে সুখী কৰিব নোৱাৰিব। পুৰণি ৰোগে কষ্ট দিব পাৰে।সকলো দিশতে লাভাম্বিত হ’ব ৷ সন্মান বৃদ্ধি ৷ আৰ্থিক আৰু পেচাদাৰী দিশত পদোন্নতি আৰু আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ পথৰ ভিক্ষাৰীক দান কৰক মানসিক শান্তি আৰু সন্তুষ্টি লাভ কৰিব।