২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৮ সংখ্যক সংস্কৰণ । আই পি এলৰ প্ৰথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (কে কে আৰ বনাম আৰ চি বি)ৰ মাজত অনুষ্ঠিত হ’ব । ইয়াৰ পূৰ্বে এক বৃহৎ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হ’ব । জানক আই পি এলৰ উদ্বোধনী অনুষ্ঠানৰ তাৰিখ, সময় আদিৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য । উল্লেখ্য যে ইয়াৰ টিকট বিক্ৰীও ইতিমধ্যে আৰম্ভ হৈছে ।
ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছে আই পি এল ২০২৫ৰ প্ৰথমখন মেচ আৰ চি বিৰ বিৰুদ্ধে খেলিব । ২২ মাৰ্চত সন্ধিয়া ৭:৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব আই পি এলৰ এই প্ৰথমখন খেল । ৭ বজাত অনুষ্ঠিত হ’ব টছ । এইবাৰ আৰ চি বিয়ে অধিনায়কৰ পদ অৰ্পণ কৰিছে ৰজত পাটিদাৰক । আনহাতে কে কে আৰৰ কমাণ্ড জ্যেষ্ঠ খেলুৱৈ অজিংক্য ৰাহানেৰ হাতত । এই খেলখনৰ পূৰ্বে ইয়াত এক বৃহৎ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হ’ব ।
আই পি এল ২০২৫ উদ্বোধনী অনুষ্ঠানৰ স্থান-
কলকাতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ উদ্বোধনী অনুষ্ঠান ।
আই পি এল ২০২৫ৰ উদ্বোধনী অনুষ্ঠানৰ সময়-
সন্ধিয়া ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব আই পি এলৰ প্ৰথমখন খেল, সন্ধিয়া ৭ বজাত টছ হ’ব । ইয়াৰ পূৰ্বে সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ’ব আই পি এলৰ উদ্বোধনী অনুষ্ঠান ।
আই পি এল ২০২৫ৰ উদ্বোধনী অনুষ্ঠানৰ কণ্ঠশিল্পী-
আই পি এলৰ উদ্বোধনী অনুষ্ঠানত বলীউডৰ বিখ্যাত তাৰকাসকলে প্ৰদৰ্শন কৰিব । কিন্তু এই অনুষ্ঠানত কোন শিল্পীয়ে কণ্ঠদান কৰিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই ।
আই পি এল ২০২৫ৰ উদ্বোধনী অনুষ্ঠানৰ টিকট-
কলকাতাৰ ইডেন গাৰ্ডেনত কে কে আৰ বনাম আৰ চি বি খেলৰ পূৰ্বে আই পি এলৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব । এই মেচখনৰ টিকট মুকলি অনুষ্ঠানৰো টিকট হ’ব । এই খেলখনৰ টিকট অনলাইনত বিক্ৰীৰ বাবে উপলব্ধ হৈছে । অনুৰাগীয়ে BookMyShow ত টিকট বুকিং কৰিব পাৰিব । এই খবৰ লিখাৰ সময়ত উপলব্ধ নূন্যতম টিকট আছিল ৩৫০০ টকা ।
মুঠ ১০টা দলৰ মাজত অনুষ্ঠিত হ’ব আই পি এল ২০২৫-
চেন্নাই ছুপাৰ কিংছ, দিল্লী কেপিটেলছ, গুজৰাট টাইটানছ, কলকাতা নাইট ৰাইডাৰ্ছ, লক্ষ্ণৌ ছুপাৰ জায়েন্টছ, মুম্বাই ইণ্ডিয়ানছ, পঞ্জাব কিংছ, ৰাজস্থান ৰয়েলছ, ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু, ছানৰাইজাৰ্ছ হায়দৰাবাদ ২০২৫ চনৰ আই পি এলত খেলা ১০টা দল ।