প্ৰদূষণৰ পৰা পৰিত্ৰাণ পাবলৈ দিল্লী চৰকাৰে কেন্দ্ৰৰ পৰা কৃত্ৰিম বৰষুণৰ দাবী কৰিছে । ইয়াৰ বাবে প্ৰস্তুতিও চলোৱা হৈছে । দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱলৈ কৃত্ৰিম বৰষুণৰ বাবে এখন পত্ৰ লিখিছে । ৰায়ে চিঠিখনত কৈছে যে দিল্লীত প্ৰদূষণ অতি গুৰুতৰ পৰ্যায়ত আছে আৰু ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ কৃত্ৰিম বৰষুণৰ সৃষ্টি কৰাৰ প্ৰয়োজন আছে ।
ৰায়ে দিল্লীৰ স্মগক চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা হিচাপে নামাকৰণ কৰিছে । প্ৰশ্নটো হ’ল, কৃত্ৰিম বৰষুণ সৃষ্টি কৰাটো ইমান সহজ নেকি ? বৰষুণ নিশ্চিত হয় নে নহয় ? ই কিমান দিনৰ বাবে প্ৰদূষণ হ্ৰাস কৰিব ? ইয়াত কিমান খৰছ হ’ব ?
যোৱা বছৰো, দিল্লী চৰকাৰে ২০ আৰু ২১ নৱেম্বৰত কৃত্ৰিম বৰষুণ অনাৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল । কামটোৰ দায়িত্ব আই আই টি কানপুৰক দিয়া হৈছিল । কিন্তু কিবা কাৰণত, সেয়া হৈ উঠা নাছিল । কিন্তু এইবাৰ এই বৰষুণ হ’ব নেকি ? ইয়াৰ কিমান বিপদ আছে সেয়াও জানক ।
আকাশত ৪০% ডাৱৰ-
প্ৰথম বতাহৰ গতি আৰু দিশ । দ্বিতীয় আকাশত ৪০% ডাৱৰ থাকিব লাগে । সেই ডাৱৰবোৰত অলপ পানী থাকিব লাগে । এতিয়া এই দুয়োটা পৰিস্থিতিতে সামান্য হ্ৰাস-বৃদ্ধি থাকিব পাৰে । কিন্তু যদি ডাঙৰ পাৰ্থক্য থাকে, তেন্তে দিল্লীত কৃত্ৰিম বৰষুণৰ পৰীক্ষণ অপ্ৰয়োজনীয় হ’ব । ভুল প্ৰভাৱো থাকিব পাৰে । আনকি অত্যাধিক বৰষুণ হ’লেও সমস্যা হ’ব ।
কৃত্ৰিম বৰষুণৰ প্ৰক্ৰিয়া কি ?
কৃত্ৰিম বৰষুণৰ বাবে বিজ্ঞানীসকলে আকাশৰ নিৰ্দিষ্ট উচ্চতাত ছিলভাৰ আয়’ডাইড, শুকান বৰফ আৰু সাধাৰণ নিমখ ডাৱৰত এৰি দিয়ে । ইয়াক ক্লাউড ছিডিং বুলি কোৱা হয় । ইয়াৰ বাবে বিমানেৰে ডাৱৰৰ মাজত উৰি যোৱাটো প্ৰয়োজনীয় নহয় । এই কাম বেলুন, ৰকেট বা ড্ৰোনেৰেও কৰিব পাৰি । এই কামবোৰৰ বাবে ডাৱৰৰ সঠিক নিৰ্বাচন প্ৰয়োজনীয় । শীতকালত ডাৱৰত পৰ্যাপ্ত পানী নাথাকে । ডাৱৰ সৃষ্টি কৰিব পৰাকৈ আৰ্দ্ৰতা নাথাকে । বতৰ শুকান হ’লে পানীৰ টোপালবোৰ মাটিত উপনীত হোৱাৰ আগতেই ভাপলৈ পৰিণত হ’ব পাৰে ।
এই বৰষুণে প্ৰদূষণ হ্ৰাস কৰিব নে নকৰে ?
এতিয়ালৈকে, এনে বৰষুণে প্ৰদূষণ হ্ৰাস কৰে নে নাই তাৰ কোনো বৈজ্ঞানিক প্ৰমাণ পোৱা হোৱা নাই । ক্লাউড চিডিঙত সৰু চেচনা বা একে ধৰণৰ বিমানৰ পৰা ডাৱৰত উচ্চ চাপৰ দ্ৰৱণৰ সৈতে ছিলভাৰ আয়োডাইড ছটিয়াই দিয়া হয় । ইয়াৰ বাবে, বিমানখন বতাহৰ দিশৰ পৰা বিপৰীত দিশত উৰোৱা হয় ।
সঠিক ডাৱৰৰ সন্মুখীন হোৱাৰ লগে লগে ইহঁতে ৰাসায়নিক পদাৰ্থ নিৰ্গত কৰে । ইয়াৰ ফলত ডাৱৰৰ পানী শূন্য ডিগ্ৰী চেলছিয়াছলৈ ঠাণ্ডা হৈ পৰে । যাৰ বাবে বায়ুত উপস্থিত পানীৰ কণাবোৰ জমা হৈ পৰে । কণাবোৰ প্ৰাকৃতিক নিয়ৰৰ দৰে গঢ় লৈ উঠে । ইয়াৰ পিছত বৰষুণ হয় । বিজ্ঞানীসকলৰ মতে কৃত্ৰিম বৰষুণ ধোঁৱা বা তীব্ৰ বায়ু প্ৰদূষণৰ স্থায়ী সমাধান নহয় ।
ইয়াৰ দ্বাৰা কিছু সময়ৰ বাবে, ৪-৫ বা ১০ দিন সকাহ পাব পাৰে। দ্বিতীয় বিপদ হ’ল হঠাৎ প্ৰচণ্ড বতাহ আহিলে ৰাসায়নিক পদাৰ্থ আন কোনোবা ঠাইলৈ যাব পাৰে । যদি দিল্লীৰ সলনি মীৰাটত কৃত্ৰিম বৰষুণ হয়, তেন্তে সকলো কষ্ট অথলে যাব । ডাৱৰ আৰু বতাহৰ সঠিক গতিবিধিও হিচাপ কৰিব লাগে ।
এবাৰ বৰষুণৰ বাবে ১০-১৫ লাখ টকা খৰচ হয়-
দিল্লীত যদি কৃত্ৰিম বৰষুণ হয় তেন্তে প্ৰায় ১০ৰ পৰা ১৫ লাখ টকা খৰচ হ’ব । এতিয়ালৈকে বিশ্বৰ ৫৩খন দেশত এই ধৰণৰ পৰীক্ষা কৰা হৈছে । এই কৃত্ৰিম বৰষুণৰ সৰু সৰু পৰীক্ষা কানপুৰত সৰু সৰু বিমানেৰে কৰা হৈছে । কোনোবাত বৰষুণ হৈছিল আৰু কোনোবাত কেৱল টোপালহে পৰিছিল । ২০১৯ চনতো দিল্লীত কৃত্ৰিম বৰষুণৰ প্ৰস্তুতি কৰা হৈছিল । কিন্তু ডাৱৰৰ অভাৱ আৰু ইছৰোৰ অনুমতিৰ বাবে বিষয়টো পিছুৱাই দিয়া হয় ।