নৱৰাত্ৰিৰ সময়ত দেৱী দুৰ্গাৰ নটা ভিন্ন অৱতাৰত পূজা কৰা হয়। নৱৰাত্ৰিত, ভক্তসকলে মাতৃ দেৱীক সন্তুষ্ট কৰিবলৈ বিভিন্ন ধৰণৰে পূজা-অৰ্চনা কৰে।নৱৰাত্ৰিত উপবাসে থকাৰ লগতে মা দুৰ্গাৰ আৰাধনা কৰা হয়। কিন্তু কন্যা পূজন নোহোৱালৈকে নৱৰাত্ৰিৰ উপাসনা সফল বুলি গণ্য কৰা নহয়। নৱৰাত্ৰীত সৰু সৰু কন্যাক ভোজন কৰালে মা দুৰ্গা প্ৰফন্ন হোৱাৰ লগতে ভক্তৰ সকলো মনোকামনা পূৰ্ণ হয়। কুমাৰী পূজাৰ বাবে কিমান গৰাকী কন্যাৰ প্ৰয়োজন হয় আৰু কন্যা পূজাৰ সৈতে সম্পৰ্কিত কিছু নিয়মৰ বিষয়েও জানো আহক।
নৱৰাত্ৰীত কোন দিনা কৰিব কুমাৰী পূজা-
নৱৰাত্ৰিত, কিছুসংখ্যক লোকে সপ্তমীৰ দিনা কুমাৰী পূজা কৰে। কিন্তু অষ্টমী আৰু নৱমীত হে কন্যাৰ উপাসনা কৰাটো অধিক শুভ বুলি গণ্য কৰা হয়।এই বছৰত কুমাৰী পূজন ১১ আৰু ১২ অক্টোবৰত সম্পন্ন কৰা হ’ব।। নৱৰাত্ৰিৰ নৱমী তিথি ১১ অক্টোবৰৰ দুপৰীয়া ১২:০৬ বজাৰ পৰা ১২ অক্টোবৰৰ পুৱা ১০:৫৮ বজালৈ হ’ব।
কুমাৰী পূজাত মনত ৰাখিব যে সেই কন্যা কেইগৰাকীৰ বয়স ২-১০ বছৰৰ ভিতৰত হ’ব লাগে । আৰু ইয়াত ৯ গৰাকী কন্যাৰ প্ৰয়োজন হয়। কুমাৰী পূজাৰ দিনা সেই ৯ গৰাকী কন্যাক ফুল অৰ্পন কৰাটো শুভ বুলি গণ্য কৰা হয়। কন্যা সকলক বস্ত্ৰ উপহাৰ দিলে গৃহস্থৰ সকলো ইচ্ছা পূৰণ হয় বুলিও বিশ্বাস কৰা হয়।