চলিত মাহৰ ২২ তাৰিখে জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে সমগ্ৰ দেশৰ জনসাধাৰণে ক্ষোভিত হৈ আছে। এই জঘন্য ঘটনাই দেশবাসীৰ লগতে চলচ্চিত্ৰ ব্যক্তিত্বকো স্তম্ভিত কৰি তুলিছে।
বলীউডৰ বহু শিল্পীয়ে এই সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছে।ইফালে, পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক লৈ ছুপাৰষ্টাৰ ৰজনীকান্তেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু আক্ৰমণক লৈ ক্ষোভ প্ৰকাশ কৰে।
‘জেলাৰ ২’, শ্বুটিং সূচী সম্পূৰ্ণ কৰি চেন্নাই বিমানবন্দৰত উপস্থিত হয় ৰজনীকান্ত, য’ত তেওঁ সংবাদ মাধ্যমৰ আগত এই আক্ৰমণক কাশ্মীৰৰ শান্তি বিঘ্নিত কৰাৰ ইচ্ছাকৃত প্ৰচেষ্টা বুলি অভিহিত কৰে।
পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি তেওঁ কয়-‘কাশ্মীৰৰ শান্তিপূৰ্ণ পৰিবেশক শত্ৰুপক্ষই ইচ্ছাকৃতভাৱে বিঘ্নিত কৰিবলৈ চেষ্টা কৰিছে।কেন্দ্রীয় চৰকাৰে দোষীক বিচাৰি উলিয়াই এনে কঠোৰ ব্যৱস্থা ল’ব লাগে যিটো কল্পনাৰ বাহিৰত’৷
উল্লেখ্য যে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক লৈ আন বহু বলীউডৰ তাৰকায়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইয়াক ‘কাপুৰুষৰ’ কাণ্ড বুলি অভিহিত কৰিছে।