‘জেলাৰ ২’ত শ্বাহৰুখ খানৰ সৈতে দেখা যাব ৰজনীকান্তক!মোহনলালৰ ষ্টাইলিষ্টে দিলে ইংগিত
পৰিচালক নেলচন দিলীপকুমাৰে জেইলাৰৰ ছিকুৱেলক প্ৰথম খণ্ডতকৈও অধিক গ্ৰেণ্ড কৰি তুলিবলৈ প্ৰস্তুতি চলাইছে। ছবিখনত শ্বাহৰুখ খান আৰু ৰজনীকান্তত একেলগে দেখা পোৱা যাব।
চিনেমা প্ৰেমীৰ বাবে ইয়াতকৈ ডাঙৰ খবৰ কি হ’ব পাৰে যে ভাৰতীয় চিনেমাৰ দুগৰাকী ডাঙৰ কিংবদন্তি,শ্বাহৰুখ খান আৰু ৰজনীকান্ত প্ৰথমবাৰৰ বাবে একেখন ছবিত অভিনয় কৰিবলৈ সাজু হৈছে। নেলচন দিলীপকুমাৰৰ পৰিচালিত ‘জেলাৰ’ ছবিখনে ২০২৩ চনত বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছিল।আৰু এতিয়া ইয়াৰ ছিকুৱেল ‘জেলাৰ ২’ৰ নতুন আপডেট আহিছে।
দীৰ্ঘদিনীয়া উৰাবাতৰি এতিয়া প্ৰায় নিশ্চিত হৈছে যে ছবিখনত কিং খানে ষ্টেলাৰ কেমিঅ’ হিচাপে অভিনয় কৰিব।এই খবৰ ওলোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি হয় আৰু ৰজনীকান্ত আৰু শ্বাহৰুখক একেটা ফ্ৰেমতে চাবৰ বাবে সকলোৱে আগ্ৰহী।

‘জেলাৰ ২’ত শ্বাহৰুখ খানৰ প্ৰৱেশৰ খবৰ মালয়ালমৰ ছুপাৰষ্টাৰ মোহনলালৰ ষ্টাইলিষ্ট জিছাদ ছামছুদ্দিনে নিশ্চিত কৰিছে।জিছাদে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এআই-জেনেৰেটেড এখন আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰে।এই ফটোখনত শ্বাহৰুখ খানক গাড়ী চলাই থকা দেখা গৈছে,কাষতে বহি আছে মোহনলাল,আনহাতে পিছৰ আসনত ৰজনীকান্ত আৰু শিৱ ৰাজকুমাৰক দেখা গৈছে।
এই পোষ্টটো শ্বেয়াৰ কৰি জিছাদে তামিল ভাষাত লিখিছে,‘কণ্ডিপ্পা ইৰুক্কুম’, যাৰ অৰ্থ হৈছে ‘নিশ্চিতভাৱে হ’ব’।এই ইংগিতে স্পষ্ট কৰি দিছে যে কেৱল শ্বাহৰুখেই ছবিখনৰ অংশ নহয়, বৰঞ্চ এই সকলো তাৰকাইও একেলগে পাৱাৰ পেকৰ এটা দৃশ্যও হ’ব।
লগতে পঢ়ক: যশৰ অনুৰাগীসকললৈ দুখবৰ; পিছুৱাই দিয়া হ’ল ‘টক্সিক’ৰ মুক্তি তাৰিখ