কানাডাৰ ব্ৰেম্পটনত অৱস্থিত হিন্দু সভাৰ মন্দিৰত খালিস্তানী উগ্ৰপন্থীয়ে কৰিলে আক্ৰমণ।প্ৰথমে মন্দিৰৰ চৌহদত খালিস্তানীসকলে প্ৰৱেশ কৰে। তাৰ পিছত তাত থকা ভক্তসকলক লাঠিৰে প্ৰহাৰ কৰে। এই ঘটনাৰ পিছত ভাৰত আৰু কানাডাৰ সম্পৰ্কত অধিক উত্তেজনা সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।এই সমগ্ৰ ঘটনা সন্দৰ্ভত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে।
ব্ৰেম্পটনৰ হিন্দু মন্দিৰত সংঘটিত আক্ৰমণৰ লগতে মন্দিৰত থকা ভক্তক প্ৰহাৰৰ সন্দৰ্ভত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে এই হিংসাত্মক ঘটনা গ্ৰহণযোগ্য নহয় বুলি কয়। ট্ৰুডোৱে কৈছে যে কানাডাৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ বিশ্বাসক মুক্ত আৰু নিৰাপদে পালন কৰাৰ অধিকাৰ আছে। জাষ্টিন ট্ৰুডোৱে পিল আঞ্চলিক আৰক্ষীক ভক্তসকলক সুৰক্ষা আৰু এই ঘটনাৰ তদন্ত ক্ষীপ্ৰ কৰাৰ বাবে প্ৰতি তেওঁলোকক ধন্যবাদ জনাইছে।