ভাৰতীয় ৰিজাৰ্ভ বেংকে নতুন বছৰৰ পৰা কিছু নিয়ম সলনি কৰিবলৈ ওলাইছে । ইয়াৰ ফলত দেশৰ লাখ লাখ বেংক একাউণ্টত প্ৰভাৱ পৰিব । কাৰণ দেশৰ কেন্দ্ৰীয় বেংকে তিনি ধৰণৰ বেংক একাউণ্ট বন্ধ কৰিবলৈ গৈ আছে । আৰ বি আইৰ কঠোৰ নিৰ্দেশ আছে যে এনে বেংক একাউণ্ট বন্ধ কৰিব লাগে । এইবোৰ কোনবোৰ বেংক একাউণ্ট আৰু ৰিজাৰ্ভ বেংকে কিয় এই একাউণ্টবোৰ বন্ধ কৰিব বিচাৰিছে জানক ।
কিয় এই একাউণ্টবোৰ বন্ধ কৰিব বিচাৰিছে আৰ বি আইয়ে ?
বেংকিং ব্যৱস্থাৰ অধিক উন্নতিৰ বাবে আৰ বি আইয়ে এই একাউণ্টসমূহ বন্ধ কৰিবলৈ কৈছে । বেংকিং লেনদেন অধিক নিৰাপদ, স্বচ্ছ আৰু ফলপ্ৰসূ কৰাৰ বাবে আৰ বি আইয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ দ্বাৰা কেৱল জালিয়াতি ৰোধ কৰাই নহয় ডিজিটেলাইজেশ্যনৰ ক্ষেত্ৰতো অধিক প্ৰসাৰ ঘটিব । বিশেষকৈ নিষ্ক্ৰিয় একাউণ্টত সম্ভাৱ্য বিপদ আৰু চাইবাৰ অপৰাধৰ কথা বিবেচনা কৰি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।
কেনেধৰণৰ একাউণ্ট বন্ধ হ’ব ?
ভাৰতীয় ৰিজাৰ্ভ বেংকে তিনি ধৰণৰ একাউণ্ট বন্ধ কৰাৰ সিদ্ধান্ত লৈছে । আৰ বি আইৰ নতুন গাইডলাইনৰ অধীনত বন্ধ হ’ব নিস্ক্ৰীয় একাউণ্ট, ইনএক্টিভ একাউণ্ট আৰু জিৰ’ অথবা শূণ্য বেলেঞ্চ একাউণ্ট ।
নিষ্ক্ৰিয় একাউণ্ট-
নিষ্ক্ৰিয় একাউণ্টক এনে এক ধৰণৰ একাউণ্ট বুলি গণ্য কৰা হয় যাৰ অধীনত দুবছৰ বা তাতকৈ অধিক সময় কোনো লেনদেন হোৱা নাই । এই একাউণ্টসমূহ চাইবাৰ অপৰাধীৰ লক্ষ্য হৈয়েই আছে । এনে একাউণ্ট বন্ধ কৰি আৰ বি আইয়ে গ্ৰাহক আৰু বেংকিং ব্যৱস্থাক সুৰক্ষিত কৰি ৰাখিব পাৰে ।
ইনএক্টিভ একাউণ্ট কি ?
যোৱা ১২ মাহ বা তাতকৈ অধিক সময় ধৰি নিষ্ক্ৰিয় হৈ থকা একাউণ্টসমূহো বন্ধ কৰা হ’ব । এই একাউণ্টসমূহ সুৰক্ষিত ৰাখিবলৈ আৰু প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । যদি আপোনাৰ একাউণ্টটো এই শ্ৰেণীত পৰে, তেন্তে আপুনি বেংকৰ সৈতে যোগাযোগ কৰি সক্ৰিয় কৰিব পাৰে ।
শূন্য বেলেন্স একাউণ্ট-
দীৰ্ঘ সময়ৰ বাবে শূন্য বেলেঞ্চ ৰখা একাউণ্টো বন্ধ কৰা হ’ব । একাউণ্টৰ অপব্যৱহাৰ ৰোধ, বিত্তীয় বিপদ হ্ৰাস আৰু গ্ৰাহকে বেংকৰ সৈতে সক্ৰিয় সম্পৰ্ক বজাই ৰাখিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।
এই একাউণ্টবোৰ কেনেকৈ ৰক্ষা কৰিব ?
আপোনাৰ KYC আপডেট কৰিলে আপুনি আপোনাৰ বেংক একাউণ্ট নিষ্ক্ৰিয় হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিব । যদি আপোনাৰো এনে একাউণ্ট আছে, তেন্তে তৎক্ষণাত বেংকৰ সৈতে যোগাযোগ কৰক আৰু কে ৱাই চি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক আৰু আপোনাৰ একাউণ্ট নিষ্ক্ৰিয় হোৱাৰ পৰা ৰক্ষা কৰক । KYC ৰ বাবে অনলাইনতো যোগাযোগ কৰিব পাৰে । ইয়াৰ লগতে, নূন্যতম বেলেঞ্চৰ পৰিমাণ বজাই ৰাখি আৰু লেনদেনসমূহ সক্ৰিয় কৰি ৰাখি, আপুনি আপোনাৰ একাউণ্ট বন্ধ হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিব ।