২০২৪ বৰ্ষটো চলচ্চিত্ৰ জগতৰ বাবেও অতি বিশেষ । এই বৰ্ষটোত ইখনৰ পিছত সিখনকৈ ছবিগৃহত মুক্তি পালে বহু ব্লকবাষ্টাৰ ছবিয়ে । শেহতীয়াকৈ মুক্তি পোৱা পুষ্পা-২ ছবিখনৰ বিষয়ে সকলোতে চৰ্চা চলিছে । কিন্তু, এই সকলোবোৰৰ মাজতে আজি আমি এনে কিছুমান ছবিৰ কথা ক’ম, যাৰ বাজেট আছিল অতি কম, কিন্তু এই ছবিবোৰে বক্স অফিচ জোকাৰি গ’ল । সেই পাঁচখন ছবিৰ বিষয়ে জানক যিবোৰে দৰ্শকৰ ব্যাপক সঁহাৰি লাভ কৰিছিল । এই ছবিবোৰে কম খৰচত সফলতাৰ নতুন মাত্ৰা প্ৰতিষ্ঠা কৰিছিল ।
হনুমান-
২০২৪ চনত এই ছবিখন বহু চৰ্চিত হৈছিল । ইয়াৰ মুঠ বাজেট আছিল ৪০ কোটি টকা যদিও বক্স অফিচত বিশ্বজুৰি ৩৫০ কোটি টকা সংগ্ৰহ কৰিছিল । এই ছবিখন দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছিল । ভগৱান হনুমানৰ পৰা ছুপাৰ পাৱাৰ লাভ কৰা এজন সৰু ল’ৰাৰ ওপৰত আধাৰিত এই ছবিখনৰ কাহিনী ।
মুঞ্জ্য (Munjya)-
এই ছবিখনৰ মুঠ বাজেট আছিল ৩০ কোটি টকা, কিন্তু বক্স অফিচত বিশ্বজুৰি ১৩০ কোটি টকা সংগ্ৰহ কৰিছিল । ভৌতিকৰ লগতে কমেডীও এই ছবিখনত দেখা গৈছিল, যিখন ছবি দৰ্শকে অতিশয় ভাল পাইছিল ।
কিল (Kill)- এই চিনেমাখনত বহুত ৰক্তপাত-সংঘৰ্ষ দেখা গৈছিল । এজন কমাণ্ডোৱে শত্ৰুৰ লগত যুঁজ দিয়াৰ কাহিনী ছবিখনত দেখুওৱা হৈছে । এই ছবিখনৰ মুঠ বাজেট আছিল ২০ কোটি টকা, আনহাতে বক্স অফিচত ৪০ কোটি টকা সংগ্ৰহ কৰিছিল ।
মঞ্জুমেল বয়জ-
২০০৬ চনৰ এটা সঁচা ঘটনাৰ আধাৰত নিৰ্মিত এই ছবিখন । বন্ধুৰ এটা দল ভ্ৰমণলৈ গৈ শেষত গুহাত পৰি যোৱাৰ কাহিনী । এই ছবিখনৰ মুঠ বাজেট আছিল ২০ কোটি টকা । উপাৰ্জনৰ কথা ক’বলৈ গ’লে এই ছবিখনে প্ৰায় ২০০ কোটি টকা সংগ্ৰহ কৰিছিল ।
লাপাটা লেডিজ-
আমিৰ খানৰ হোম প্ৰডাকচনৰ অধীনত মাত্ৰ ৪-৫ কোটি টকাৰ বাজেটত নিৰ্মাণ কৰা হৈছিল এই ছবিখন । অ’টিটি প্লেটফৰ্মত মুক্তি পোৱা ছবিখনে প্ৰায় ২৫ কোটি টকা উপাৰ্জন কৰে । ছবিখনে অ’টিটিত সৰ্বাধিক চোৱা ছবিৰ খিতাপ লাভ কৰে ।