দ্বাদশ শ্ৰেণীৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে প্ৰায়ে ইলেক্ট্ৰনিক্স, চিভিল আৰু কমিউনিকেচন ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমত কেৰিয়াৰ গঢ়ি তোলে । কিন্তু বিগত কেইবছৰমানৰ পৰা এই ধাৰাটো যেন সলনি হৈছে । এই ক্ষেত্ৰত কম্পিউটাৰ বিজ্ঞান অভিযান্ত্ৰিকীত কেৰিয়াৰৰ চাহিদা বাঢ়িছে ।
অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে কম্পিউটাৰ বিজ্ঞান লৈ আই টি খণ্ডত কেৰিয়াৰ গঢ়িছে । ইয়াৰ বাবে বহুতো শিক্ষানুষ্ঠান আছে যিবোৰ বিশেষকৈ কম্পিউটাৰ বিজ্ঞানৰ বাবে শ্ৰেষ্ঠ বুলি গণ্য কৰা হয় । যদি আপুনি কম্পিউটাৰ বিজ্ঞানৰ বাবে ভাল ইনষ্টিটিউট বিচাৰিছে তেন্তে আমি আপোনাৰ বাবে লৈ আহিছো QS Ranking অনুসৰি ভাৰতৰ শীৰ্ষ প্ৰতিষ্ঠানৰ বিকল্প য’ত আপুনি নামভৰ্তি কৰিব পাৰে ।
QS বিষয় ৰেংকিং আৰু প্ৰতিষ্ঠান-
৬৪: ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান দিল্লী (আই আই টি-ডি)
৭৬: ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান বম্বে (আই আই টি-বি)
১০৭: ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান মাদ্ৰাজ (আই আই টি-এম)
১১০: ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (আই আই এছ চি)
১১০: ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান কানপুৰ (আই আই টি-কে)
১১০: ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান খৰগপুৰ (আই আই টি-কে জি পি)
১১০: ভেল্লোৰ ইনষ্টিটিউট অৱ টেকন’লজি (ভিআইটি), ভেল্লোৰ
২০১-২৫০: ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান ৰুৰকি (আই আই টি-আৰ)
২৫১-৩০০: আন্না বিশ্ববিদ্যালয়
২৫১-৩০০: ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান গুৱাহাটী (আই আই টি-জি)
২৫১-৩০০: দিল্লী বিশ্ববিদ্যালয়
৩০১-৩৫০: বিৰলা ইনষ্টিটিউট অৱ টেকন’লজি এণ্ড ছায়েন্স (বি আই টি এছ পিলানি)
৩০১-৩৫০: চণ্ডীগড় বিশ্ববিদ্যালয়
৩৫১-৪০০: এছ আৰ এম ইনষ্টিটিউট অৱ চাইন্স এণ্ড টেকন’লজি
৪০১-৪৫০: ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান
আনহাতে বিশ্বজুৰি মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি (এম আই টি) কম্পিউটাৰ বিজ্ঞানৰ বাবে বিশ্বৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয় হিচাপে স্থান লাভ কৰিছে । দ্বিতীয় স্থানত আছে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়, আনহাতে তৃতীয় স্থানত আছে কাৰ্নেগী মেলন বিশ্ববিদ্যালয় । পঞ্চম স্থানত আছে নেশ্যনেল ইউনিভাৰ্চিটি অৱ ছিংগাপুৰ (এন ইউ এছ) আৰু অক্সফৰ্ড ইউনিভাৰ্চিটিও শীৰ্ষ স্থানত আছে ।