হাৰ্ট এটেকৰ বৰ্ধিত ঘটনাৰ দিনত, সকলোৱে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ যত্ন লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ । বৰ্তমান সময়ত, সকলো বয়সৰ লোক হৃদৰোগৰ আশংকাত ভোগে । সেয়েহে, দুৰ্বল হৃদযন্ত্ৰৰ লক্ষণ যেনে বুকুৰ বিষ, চাপ, অস্থিৰতা, উশাহ লোৱাত অসুবিধা, ডিঙি, কঁকাল, পেটৰ ওপৰৰ অংশ বা পিঠিত বিষ, ভৰি বা বাহুত বিষ আদি উপেক্ষা নকৰিব ।

এনে পৰিস্থিতিত প্ৰতিৰোধৰ বাবে খাদ্যাভ্যাস উন্নত কৰাটো অতি প্ৰয়োজনীয় । ইয়াৰ ভিতৰত মুখ্য হৈছে ফল, যিবোৰ কেৱল সুস্বাদু নহয়, হৃদযন্ত্ৰৰ বাবেও অতি উপকাৰী । সেই পাঁচটা ফলৰ বিষয়ে জানক, যিবোৰ দৈনিক খালে আপোনাৰ ধমনীৰ স্বাস্থ্য উন্নত হ’ব পাৰে ।
বেৰী (Berry)-
বেৰীত এণ্টিঅক্সিডেণ্ট থাকে, যি হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে । এইবোৰত ফাইটোকেমিকেল থাকে যি ৰক্তচাপ হ্ৰাস কৰাত আৰু সন্তুলিত কলেষ্টেৰলৰ স্তৰ বজাই ৰখাত সহায় কৰে । দৈনিক এমুঠি বেৰী সেৱনে হৃদযন্ত্ৰৰ ধমনী শক্তিশালী কৰিব পাৰে ।
আপেল-
আপেলত আঁহ, পটাছিয়াম, আৰু এন্টিঅক্সিডেন্ট থাকে, যিবোৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী । আপেল সেৱন কৰিলে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে আৰু হাৰ্ট এটেকৰ সম্ভাৱনা কম হয় । ইয়াক পুৱাৰ ব্ৰেকফাষ্টত বা জলপান হিচাপে অন্তৰ্ভুক্ত কৰিব পাৰি ।
কল-
কলত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে । নিয়মিতভাৱে কল খালে হৃদৰোগৰ সম্ভাৱনা কম হয় । ইয়াৰ উপৰিও ই শক্তিৰ এক ভাল উৎস, যাৰ বাবে আপুনি দিনটো সক্ৰিয় হৈ থাকিব পাৰে ।
ডালিম-
ডালিমত এন্টিঅক্সিডেন্ট, ভিটামিন চি, আৰু ফাইবাৰ থাকে, যিবোৰ হৃদযন্ত্ৰৰ ধমনীৰ বাবে অতি উপকাৰী । ডালিমৰ ৰস খালে ৰক্ত সঞ্চালন উন্নত হয় আৰু ধমনীৰ প্ৰদাহ হ্ৰাস হয় ।
কমলা-
কমলাত যথেষ্ঠ পৰিমাণে ভিটামিন চি আৰু আঁহ থাকে । ই ৰক্তচাপ আৰু কলেষ্টেৰল নিয়ন্ত্ৰণত সহায় কৰে । এনে পৰিস্থিতিত কমলাৰ ৰস বা কটা কমলা খালেও হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি ঘটে ।