মেদবহুলতা আজিৰ সময়ৰ অন্যতম ডাঙৰ সমস্যা হৈ পৰিছে। মেদবহুলতাৰ বহু কাৰণ যেনে বেয়া অস্বাস্থ্যকৰ জীৱনশৈলী আৰু খাদ্যাভ্যাস বা যিকোনো স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে।
যদি আপুনিও আপোনাৰ ওজন কমোৱাৰ বাবে ঘৰুৱা উপায় বিচাৰিছে, তেন্তে ঘৰত বনাওক এই বিশেষ চাহৰ যিৱে কেৱল ওজন দ্ৰুতভাৱে হ্ৰাস কৰাত সহায়ক হোৱাই নহয়,ইয়াৰ উপৰিও ই শৰীৰক আন বহু সমস্যাৰ পৰা ৰক্ষা কৰিব পাৰে। সেই চাহ হৈছে দালচেনি চাহ ।
দালচেনি হৈছে পাকঘৰত থকা মছলা যিটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। কাৰণ ইয়াত কাৰ্বহাইড্ৰেট, ফাইবাৰ, প্ৰটিন, পটাছিয়াম, মেগনেছিয়াম, কেলচিয়াম, ফছফৰাছ, মেংগানিজ আৰু আইৰণ আদি বহুতো গুণ থাকে, যিবোৰে শৰীৰক বহু উপকাৰ প্ৰদান কৰাত সহায় কৰে।
ওজন কমাবলৈ কেনেকৈ বনাব দালচেনি চাহ -দালচেনিৰ চাহ বনাবলৈ প্ৰথমে এটা চচপেনত এগিলাচ পানী লৈ তাত দালচেনি আৰু আদা এটুকুৰা দি ভালদৰে উতলাই লওক।
আধা পানী থাকিলে ফিল্টাৰ কৰি খালী পেটত খাব লাগে।ইয়াত দালচেনিৰ গুৰিও ব্যৱহাৰ কৰিব পাৰে।
দালচেনি চাহ খোৱাৰ উপকাৰীতা- ওজন কমাবলৈ দালচেনি চাহক অন্যতম উত্তম পানীয় বুলি গণ্য কৰা হয়। ইয়াত থকা গুণবোৰেও হজম শক্তি ভালদৰে ৰখাত সহায় কৰে।
যদি আপুনি এই চাহ দৈনিক সেৱন কৰে তেন্তে ই হৃদযন্ত্ৰক সুস্থ কৰি ৰখা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰিব পাৰে।
(এই সামগ্ৰী আৰু পৰামৰ্শই কেৱল সাধাৰণ তথ্যহে প্ৰদান কৰে। এইটো কোনো কাৰণতে যোগ্য চিকিৎসা মতামতৰ বিকল্প নহয়। অধিক তথ্যৰ বাবে সদায় বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ লওক)