পেৰিছত অনুষ্ঠিত হ’বলগীয়া এআই শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই সন্মিলনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতাসকলে এ আইৰ কৰ্ম পদ্ধতি আৰু এ আই বিকাশৰ নৈতিকতা সম্পৰ্কে আলোচনা কৰিব । এই এ আই সন্মিলনৰ সহ-অধ্যক্ষ হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ফ্ৰান্সত অনুষ্ঠিত হোৱা এই এ আই শীৰ্ষ সন্মিলনখন ২০২৩ চনত ইউৰোপত আৰু ২০২৪ চনত দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা এ আই শীৰ্ষ সন্মিলনৰ ছিকুৱেল ।
সমগ্ৰ বিশ্বতে এ আইৰ ব্যৱহাৰ, বিকাশ আৰু কৰ্ম পদ্ধতিৰ বিষয়ে আলোচনা কৰিবলৈ অনুষ্ঠিত হোৱা এই এ আই শীৰ্ষ সন্মিলনত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । ফ্ৰান্স আৰু কানাডাৰ সৈতে ভাৰতে ইয়াৰ সহ-অধ্যক্ষতা কৰিছে । এই সন্মিলনৰ অৰ্থ ভাৰতৰ বাবে কি সেয়া জানক ।
ভাৰতৰ বাবে এ আই সন্মিলনৰ অৰ্থ কি ?
ইয়াৰ দ্বাৰা এ আই জগতত ভাৰতৰ স্থিতি শক্তিশালী হ’ব । এ আইৰ ক্ষেত্ৰত আমেৰিকা আৰু চীনে নিজকে শক্তিশালী কৰি তুলিছে, যিটো ভাৰতৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান । এনে পৰিস্থিতিত ভাৰতৰ এই সন্মিলনৰ সহ-অধ্যক্ষতাই ভাৰতৰ স্থিতি শক্তিশালী কৰিব । ইতিমধ্যে ভাৰতে এ আই গৱেষণা, উদ্ভাৱন আৰু নীতি প্ৰস্তুতৰ ক্ষেত্ৰত কাম কৰি আছে ।
১০,৩৭১ কোটি টকাৰ ইণ্ডিয়া এ আই মিছন ভাৰতৰ এ আই ৰোডমেপৰ এক প্ৰধান অংশ । ভাৰতে এই উদীয়মান প্ৰযুক্তিটোক গণতান্ত্ৰিক কৰি তুলিব বিচাৰিছে । এই সন্মিলনত ভাৰতে অংশগ্ৰহণ কৰাৰ বাবে দেশখন যথেষ্ট লাভৱান হ’ব ।
শেহতীয়াকৈ ভাৰতে এ আই খণ্ডত নিজৰ স্থিতি শক্তিশালী কৰাৰ বাবে বহু ডাঙৰ ডাঙৰ ঘোষণা কৰিছে । ইয়াত ১৮ হাজাৰ জিপিইউৰ এ আই কম্পিউট আন্তঃগাঁথনি সৃষ্টি কৰা হ’ব, ষ্টাৰ্টআপ আৰু এ আইৰ ওপৰত কাম কৰা গৱেষণাৰ বাবে । এ আই সন্মিলনত অংশগ্ৰহণে ভাৰতৰ প্ৰয়োজনীয়তাৰ বাবে থলুৱা এ আই মডেল প্ৰস্তুত কৰাত সহায় কৰিব । বৰ্তমান আমেৰিকাই এনভিডিয়াৰ শেহতীয়া চিপছেট ৰপ্তানি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে । এনভিডিয়াই ইয়াৰ শেহতীয়া চিপছেট ভাৰত আৰু চীনকে ধৰি আন বহু দেশলৈ প্ৰেৰণ নকৰে ।
জনপ্ৰিয় হৈ পৰিছে চীনা এ আই-
একে সময়তে চীনত বহু এ আই ষ্টাৰ্টআপ দ্ৰুতগতিত জনপ্ৰিয় হৈ উঠিছে । তেনে এটা ষ্টাৰ্টআপ DeepSeek হিচাপে আত্মপ্ৰকাশ কৰিছে । কেইদিনমানৰ ভিতৰতে আমেৰিকাৰ বজাৰত যথেষ্ট জনপ্ৰিয় হৈ পৰা কোম্পানীটোৱে শেহতীয়াকৈ মুকলি কৰিছে নিজৰ শেহতীয়া AI মডেল DeepSeek R1 । আনকি আমেৰিকাতো ইয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে ।
চীনা স্মাৰ্টআপে মাত্ৰ ২ মাহত আৰু ৬ মিলিয়ন ডলাৰ ব্যয় কৰি এই AI মডেলটো প্ৰস্তুত কৰিছে । ইয়াক মুকলি কৰাৰ লগে লগে আমেৰিকাৰ চিপ নিৰ্মাতা কোম্পানী এনভিডিয়াৰ শ্বেয়াৰত বিপুল পৰিমাণে হ্ৰাস পায় এই হ্ৰাসৰ কাৰণ আছিল চীনৰ এআই মডেলৰ কম খৰচ ।