এ আই একচন ছামিটৰ সহ-অধ্যক্ষতা কৰিবলৈ ফ্ৰান্সলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে দেশখনত প্ৰথমটো ভাৰতীয় কনছুলেট উদ্বোধন কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় থাৰ্ম নিউক্লিয়াৰ পৰীক্ষামূলক ৰিয়েক্টৰ প্ৰকল্প পৰিদৰ্শন কৰিবলৈ মাৰ্চেইলো ভ্ৰমণ কৰিব তেওঁ । ফ্ৰান্সৰ পাছত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আমন্ত্ৰণত দুদিনীয়া ভ্ৰমণসূচীৰে তেওঁ আমেৰিকা ভ্ৰমণ কৰাৰো সম্ভাৱনা আছে ।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এ আই উচ্চাকাংক্ষা আৰু চীনৰ চেটবট ডিপছিকৰ ছাঁত সোমবাৰৰ পৰা ফ্ৰান্সৰ ৰাজধানী পেৰিছত আৰম্ভ হ’ব কৃত্ৰিম বুদ্ধিমত্তা সন্মিলন । এই সন্মিলনত এ আইৰ ভূ-ৰাজনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সম্ভাৱনা আছে । মঙলবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে এ আই শীৰ্ষ সন্মিলন-২০২৫ৰ সহ-অধ্যক্ষ হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ইয়াত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সো উপস্থিত থাকিব । বুধবাৰে ফ্ৰান্সৰ কোম্পানীসমূহৰ মুৰব্বীসকলক সাক্ষাৎ কৰাৰ লগতে ডিগনিটি ডিনাৰত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ।
সন্মিলনত বিশ্বৰ নেতা, বিষয়া আৰু বিশেষজ্ঞসকলে এ আই প্ৰযুক্তিৰ বিকাশৰ দিশত পথ প্ৰদৰ্শনৰ বিষয়টো আলোচনা কৰিব । চীনৰ সুলভ মূল্যৰ ডিপছিক চেটবটে উদ্যোগটোক জোকাৰি যোৱাৰ সময়তে এই সন্মিলন অনুষ্ঠিত হৈছে । এই সন্মিলনৰ লক্ষ্য হৈছে এ আই কেনেদৰে ব্যৱহাৰ কৰিব পাৰি যাতে সকলোৱে লাভৱান হয় আৰু বিপদ নিয়ন্ত্ৰিত হয় ।
অল্টমেন আৰু পিচাইকে ধৰি ৮০খন দেশৰ বিষয়া আৰু মুখ্য কাৰ্যবাহী বিষয়াই অংশগ্ৰহণ কৰিব-
জাৰ্মানীৰ চেন্সেলৰ অলাফ শ্ব’লজ, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো, অ’পেনএআইৰ চিইঅ’ ছেম অল্টমেন, মাইক্ৰ’ছফ্টৰ অধ্যক্ষ ব্ৰেড স্মিথ আৰু গুগলৰ চিইঅ’ সুন্দৰ পিচাইকে ধৰি ৮০খন দেশৰ বিষয়া আৰু মুখ্য কাৰ্যবাহী বিষয়াই এই সন্মিলনত অংশগ্ৰহণ কৰিব ।
যৌথ ঘোষণাপত্ৰ প্ৰস্তুত কৰাৰ কাম চলি আছে-
ChatGPT আৰম্ভ হোৱাৰ দুবছৰতকৈও অধিক সময়ৰ পাছত জেনেৰেটিভ এ আই দ্ৰুতগতিত আগবাঢ়িছে । যোৱা বছৰ ব্ৰিটেইনত অনুষ্ঠিত হোৱা এখন শীৰ্ষ সন্মিলনৰ সময়ত ২৮খন দেশে এ আইৰ বিপদৰ সৈতে মোকাবিলা কৰাৰ বাবে এক অবাধ্যতামূলক প্ৰতিশ্ৰুতি দিছিল । পেৰিছ সন্মিলনত এ আই সুৰক্ষাও এজেণ্ডাত আছে । মেক্ৰনৰ কাৰ্যালয়ৰ মতে, অধিক নৈতিক, গণতান্ত্ৰিক আৰু পৰিৱেশ বহনক্ষম এ আইৰ বাবে যৌথ ৰাজনৈতিক ঘোষণাপত্ৰত স্বাক্ষৰ কৰাৰ কাম চলি আছে । অৱশ্যে আমেৰিকাই এনে ব্যৱস্থাত সন্মতি দিব নে নাই সেয়া স্পষ্ট নহয় ।