স্মৃতি ইৰাণীক চিনি নোপোৱা মানুহৰ সংখ্যা হয়টো নোলাবই। ৰাজনীতিত ভৰি দিয়াৰ আগতে, স্মৃতি ইৰাণী টিভি উদ্যোগৰ এখন প্ৰসিদ্ধ মুখ আছিল।

তেওঁ ২০০০ চনত এখন টিভি ধাৰাবাহিকৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰিছিল। বৰ্তমান সময়ত এটা বাতৰি ওলাইছিল যে স্মৃতি ইৰাণিয়ে জনপ্ৰিয় ধাৰাবাহিক ‘অনুপমা’ৰ জৰিয়তে পুনৰবাৰ সৰুপৰ্দাত প্ৰত্যাৱৰ্তন কৰিবলৈ গৈ আছে।প্ৰকৃততে, ‘অনুপমা’ধাৰাবাহিক খনে ল’ব লিপ।

যাৰ বাবে বহুতো তাৰকা কলাকুশলীয়ে এই ধাৰাবাহিক খনক বিদায় জনাইছে। তাৰ মাজতে সামাজিক মাধ্যমত বাতৰি ওলাইছে যে স্মৃতি ইৰাণীয়ে অনুপমাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব ।
