মঙলবাৰে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৮ জন লোকে প্ৰাণ হেৰুৱাইছে।এই ঘটনাক লৈ সমগ্ৰ দেশবাসী ক্ষোভিত হৈ আছে।
ক্ৰিকেটৰ তাৰকাসকলেও এই ঘটনাক লৈ শোক আৰু ক্ষোভ প্ৰকাশ কৰিছে। তাৰ মাজতে বেগী বলাৰ মহম্মদ ছিৰাজে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে।
মহম্মদ চিৰাজে ইনষ্টাগ্ৰামত এটা পোষ্টত লিখিছে যে, ‘পহলগামত সংঘটিত ভয়ানক আৰু চাঞ্চল্যকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে পঢ়িলো।ধৰ্মৰ নামত নিৰীহ লোকক লক্ষ্য কৰি হত্যা কৰাটো মানি লোৱা নহ’ব’।
‘কোনো কাৰণত, কোনো বিশ্বাস, কোনো মতাদৰ্শই কেতিয়াও এনে নিষ্ঠুৰতাক ন্যায্যতা প্ৰদান কৰিব নোৱাৰে।এয়া কেনেধৰণৰ যুঁজ…য’ত মানুহৰ জীৱনৰ কোনো মূল্য নাই’।
‘সেই পৰিয়ালবোৰৰ যন্ত্ৰণা আৰু দুখ মই কল্পনাও কৰিব পৰা নাই, যিসকলে এই ট্ৰেজেডীৰ মাজেৰে পাৰ হৈ গৈছে।ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে তেওঁলোকক এই দুখক জয় কৰিবলৈ শক্তি দিয়ক’।
‘আশা কৰো এই নৃশংসতা সোনকালে শেষ হৈ যাব আৰু এই সন্ত্ৰাসবাদী সকলক কোনো দয়া নোহোৱাকৈ শাস্তি দিয়া হব’।
উল্লেখ্য য়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ) আৰু মুম্বাই ইণ্ডিয়ানছ (এম আই)ৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনত দুয়োটা দলৰ খেলুৱৈ আৰু আম্পায়াৰে ক’লা বেণ্ড পিন্ধিব আৰু এক মিনিটৰ মৌনতা অৱলম্বন কৰিব।
ইয়াৰ বাহিৰেও খেলৰ সময়ত ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত কোনো ধৰণৰ আতচবাজী বা চিয়াৰলিডাৰৰ নৃত্য নাথাকিব।