দেওবাৰে চেন্নাইৰ মেৰিনা বীচত বায়ু সেনাৰ এয়াৰ শ্ব’ৰ সময়ত পাঁচজন লোকৰ মৃত্যু হয় । এই মৃত্যুক লৈ তামিলনাডুত এতিয়া ৰাজনীতি আৰম্ভ হৈছে । ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী সুব্ৰমনিয়ামে কয়, ‘১৫ লাখ লোকৰ ভিৰ আছিল, গৰম বেছি আছিল সেয়েহে ৫ জন লোকৰ মৃত্যু হৈছিল । বায়ু সেনাই বিচৰাতকৈ অধিক সুবিধা প্ৰদান কৰিছিল ।’
সুব্ৰমনিয়ামে কয় যে, অনুষ্ঠানস্থলীত চিকিৎসক আৰু নাৰ্ছৰ সৈতে দুটা চিকিৎসা দল ৰখা হৈছিল । তাত ৪০ খন এম্বুলেন্সো আছিল । তেওঁ লগতে কয় যে মেৰিনা বীচত পেৰামেডিকেল দল আৰু খোৱা পানীৰ ব্যৱস্থা কৰা হৈছিল । সকলো মৃত্যু চিকিৎসালয়ত ভৰ্তি কৰাৰ আগতে সংঘটিত হৈছে ।
এ আই এ ডি এম কে নেতা কোভাই সত্যনে কয়, “যদি স্বাস্থ্য মন্ত্ৰীৰ লাজ আছে, তেন্তে তেওঁ তৎক্ষণাৎ পদত্যাগ কৰা উচিত । মানুহে ১০ কিলোমিটাৰ খোজ কাঢ়িব লগা হৈছিল । পানীৰ যোগান নাছিল । এম্বুলেন্স সময়মতে উপস্থিত হোৱা নাছিল । প্ৰশাসন মুখ্যমন্ত্ৰী ষ্টেলিন, তেওঁৰ পুত্ৰ আৰু পৰিয়ালৰ সেৱাত নিয়োজিত আছিল । তেওঁলোক এচি টেণ্টত বহি আছিল । চৰকাৰক বৰ্খাস্ত কৰা উচিত ।’
মুখ্যমন্ত্ৰী এম কে ষ্টালিনে ৫ জন লোকৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । তেওঁ মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে ।
উল্লেখ্য যে, ৯২ সংখ্যক বায়ু সেনা দিৱসৰ পূৰ্বে ৬ অক্টোবৰত চেন্নাইত এয়াৰ শ্ব’ হৈছিল । প্ৰায় ১৫ লাখ লোক মেৰিনা বীচত এই অনুষ্ঠান চাবলৈ একত্ৰিত হৈছিল । বিশাল ভিৰ আৰু গৰমৰ ফলত পাঁচজন লোকৰ মৃত্যু হয়, আনহাতে দুশৰো অধিক লোক মূৰ্ছা যায় । ইফালে এই এয়াৰ শ্ব’ৰ নাম লিমকা বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰা হৈছে ।
এয়াৰ শ্ব’ চাবলৈ যোৱা লোকসকলৰ অভিযোগ অনুসৰি, সাগৰৰ পাৰত খোৱা পানীৰ কোনো ব্যৱস্থা নাছিল । মানুহবোৰ ঘন্টাৰ পিছত ঘণ্টা পিয়াহত বহি আছিল । একে সময়তে, অনুষ্ঠানটো ১ বজাত সমাপ্ত হোৱাৰ পিছত, লোকসকল একেলগে তাৰ পৰা ওলাই আহিছিল, যাৰ বাবে ৰাস্তাত ট্ৰেফিক জাম হৈছিল । বিশাল জনসমাগমৰ বাবে, স্থানীয় ৰে’ল ষ্টেচনত ব্যাপক ভিৰ হৈছিল । বিভিন্ন মেট্ৰ’ ষ্টেচনত একেধৰণৰ ভিৰ দেখা গৈছিল ।