এয়াৰ ইণ্ডিয়াৰ এখন বিমানত বোমা থকাৰ খবৰে আজি সৃষ্টি কৰে এক আতংকময় পৰিৱেশ । অৱশ্যে বিমানখন অযোধ্যা বিমানবন্দৰত সুৰক্ষিতভাৱে অৱতৰণ কৰোৱা হয় । বিমানখনত ১৩৯ জন যাত্ৰী আছিল ।
এই তথ্য লাভ কৰাৰ পিছতে বিমানবন্দৰ প্ৰশাসনে প্ৰস্তুতি চলাইছিল । জয়পুৰৰ পৰা ৰাওনা হৈছিল এয়াৰ ইণ্ডিয়াৰ বিমানখন । বিষয়াসকলৰ নিৰ্দেশ অনুসৰি বিমানখন অযোধ্যাৰ মহৰ্ষি বাল্মীকি বিমানবন্দৰত অৱতৰণ কৰা হৈছে । ২৪ ঘণ্টাৰ ভিতৰতে এয়াৰ ইণ্ডিয়াৰ এখন বিমানত দ্বিতীয়বাৰৰ বাবে বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰা হৈছে ।
আয়ুক্ত, এছ এছ পি আৰু এছ পি চিটিকে ধৰি নিৰাপত্তা বিভাগৰ বিষয়াসকলে ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে । জৰুৰীকালীন চিকিৎসাৰ বাবে যাতে কোনোৱে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে বিমানবন্দৰত চিকিৎসক উপস্থিত থাকে । অৱশ্যে এতিয়ালৈকে বিমানখনত কোনো ধৰণৰ বোমা পোৱা হোৱা নাই ।