যোৱা ৫ ডিচেম্বৰত মুম্বাইৰ আজাদ ময়দানত অনুষ্ঠিত মহাযুটী চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত চোৰে পূৰ্ণ সুযোগ গ্ৰহণ কৰে । এই ডাঙৰ অনুষ্ঠানত প্ৰায় ১২ লাখ টকাৰ সম্পত্তি চুৰি হয় । চুৰি হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে সোণৰ চেইন, মোবাইল ফোন আৰু নগদ ধন । অজ্ঞাত চোৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।
শিন্দে-পাৱাৰে ফাড়নৱিছৰ লগত ল’লে শপত-
এই অনুষ্ঠানটো মহাৰাষ্ট্ৰৰ ৰাজনৈতিক দিশ নিৰ্ণয় কৰিব বুলি বিবেচনা কৰা হৈছিল । এই উপলক্ষে বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাড়নৱিছে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বিপৰীতে শিৱসেনাৰ একনাথ শিন্দে আৰু এন চি পি নেতা অজিত পাৱাৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।
কটকটীয়া নিৰাপত্তাৰ মাজতো সক্ৰিয় চোৰ-
এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি উদ্যোগ, চিনেমা আৰু ৰাজনীতিৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে । ইমান ডাঙৰ অনুষ্ঠানৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল । মুম্বাই আৰক্ষীয়ে মোতায়েন কৰিছিল ৪ হাজাৰৰো অধিক আৰক্ষীক । ইয়াৰ উপৰিও চি চি টিভি কেমেৰা আৰু অন্যান্য কাৰিকৰী ব্যৱস্থাৰ জৰিয়তেও নিৰাপত্তা সুনিশ্চিত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল ।
তদন্ত আৰম্ভ আৰক্ষীৰ-
ইয়াৰ পিছতো দুই নম্বৰ গেটৰ পৰা ওলাই অহা ৰাইজৰ সুযোগ লৈ চোৰে চুৰি কাণ্ড সংঘটিত কৰে । আজাদ ময়দান আৰক্ষীয়ে এই বিষয়ত এফ আই আৰ ৰুজু কৰি অপৰাধ শাখাৰ বিশেষ দলে তদন্ত কৰি আছে । বিষয়াগৰাকীয়ে কয় যে চি চি টিভিৰ ফুটেজসমূহ ভালদৰে পৰীক্ষা কৰা হৈছে আৰু অনুষ্ঠানত উপস্থিত থকা সাক্ষীসকলকো সোধা-পোছা কৰা হৈছে । অৱশ্যে এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই ।
মহাৰাষ্ট্ৰৰ ৰাজনীতিত পৰিৱৰ্তনৰ সময়-
আৰক্ষী বিষয়াজনে কয়, “অতিমাত্ৰা ভিৰৰ বাবে এনে কাণ্ড সংঘটিত হয়, কিন্তু আমি অপৰাধীক সোনকালে ধৰিবলৈ চেষ্টা কৰিছো ।” মহাৰাষ্ট্ৰৰ ৰাজনীতিত বৃহৎ পৰিৱৰ্তন দেখা পোৱাৰ সময়ত এই ঘটনা সংঘটিত হৈছে । ক্ষমতা দখল কৰাৰ লগে লগে মহাযুটী চৰকাৰে ৰাজ্যৰ ৰাজনীতিক এক নতুন দিশ দিছে । বিজেপি, শিৱসেনা আৰু এন চি পি ফৈদৰ মিত্ৰতাই ৰাজ্যত স্থিতিশীলতা অনাৰ প্ৰতিশ্ৰুতি দিছে ।
এই শপত গ্ৰহণ অনুষ্ঠানক মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ বাবে এক ঐতিহাসিক মুহূৰ্ত হিচাপে বিবেচিত হৈছিল, য’ত তিনিটা বৃহৎ দলে একত্ৰিত হৈ ক্ষমতাৰ বাঘজৰী দখল কৰিছিল । কিন্তু এই সময়ছোৱাত চুৰিৰ ঘটনাই নিৰাপত্তাৰ ব্যৱস্থাক লৈ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে । এই ঘটনাই বৃহৎ অনুষ্ঠানত ভিৰ ব্যৱস্থাপনা আৰু নিৰাপত্তাৰ অভাৱসমূহ উদঙাই দিছে । বিশেষজ্ঞসকলৰ মতে এনেধৰণৰ ঘটনা ৰোধ কৰিবলৈ অধিক কাৰিকৰী ব্যৱস্থা আৰু কঠোৰতা আৱশ্যক ।