২০২৪ বৰহ্ষত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কে দিল্লী ভ্ৰমণৰ সময়ত হোৱা চুক্তিসমূহ চূড়ান্ত কৰিবলৈ এপ্ৰিল মাহৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকা ভ্ৰমণ কৰিব ।
সংসদত বাজেট আবণ্টনৰ আলোচনা সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী বিজিতা হেৰাথে কলম্বোত এই মন্তব্য কৰে । শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী হেৰাথে কয়, ‘আমাৰ চুবুৰীয়া দেশ ভাৰতৰ সৈতে আমি ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছো । আমাৰ প্ৰথম কূটনৈতিক ভ্ৰমণ আছিল ভাৰত, য’ত আমি দ্বিপাক্ষিক সহযোগিতাৰ ওপৰত কেইবাখনো চুক্তি স্বাক্ষৰ কৰিছিলো ।
এপ্ৰিল মাহত শ্ৰীলংকা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে-
তেওঁ কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এপ্ৰিলৰ আৰম্ভণিতে দেশখনলৈ যাব । শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী বিজিতা হেৰাথে কয়, ‘সাম্পূৰ সৌৰ শক্তি কেন্দ্ৰ উদ্বোধনৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ সময়ত কেইবাটাও নতুন বুজাবুজি চুক্তি স্বাক্ষৰিত হ’ব । চৰকাৰী মালিকানাধীন শক্তি উপযোগী প্ৰতিষ্ঠান চিলন ইলেক্ট্ৰিচিটি ব’ৰ্ড আৰু ভাৰতৰ এন টি পি চিয়ে ২০২৩ চনত পূব ট্ৰিংকোমালী জিলাৰ চাম্পৰ চহৰত ১৩৫ মেগাৱাটৰ সৌৰশক্তি কেন্দ্ৰ নিৰ্মাণৰ বাবে সন্মত হৈছিল ।
২০১৫ চনৰ পিছত এয়া হ’ব প্ৰধানমন্ত্ৰীৰ চতুৰ্থটো ভ্ৰমণ-
বিজিতা হেৰাথে কয় যে আমি কোনো পক্ষ নোলোৱাকৈ আমাৰ বৈদেশিক নীতিত নিৰপেক্ষ হৈ থাকিম আৰু ৰাষ্ট্ৰীয় স্বাৰ্থ বজাই ৰখাৰ বাবে কাম কৰিম ।’ ২০১৫ চনৰ পিছত এইটোৱেই হ’ব প্ৰধানমন্ত্ৰী মোদীৰ চতুৰ্থটো শ্ৰীলংকা ভ্ৰমণ ।
শ্ৰীলংকাত ৰাজনৈতিক আৰু অৰ্থনৈতিক অস্থিৰতাৰ মাজতে ২০২৪ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত অনুৰা কুমাৰ দিছানায়াকে জয়লাভ কৰে । শ্ৰীলংকা দেউলীয়া হোৱাৰ পিছত এইটোৱেই আছিল প্ৰথম ৰাষ্ট্ৰপতি নিৰ্বাচন, য’ত মাৰ্ক্সবাদী নেতা দিছানায়াকে জয়ী হৈছিল ।
ভাৰত মহাসাগৰৰ এটা স্থানত অৱস্থিত শ্ৰীলংকা, যিখন সামুদ্ৰিক বাণিজ্যৰ কেন্দ্ৰবিন্দু । পশ্চিম আৰু পূব এছিয়াক সংযোগ কৰি এই দেশখন বিশ্ব বাণিজ্যৰ সৈতে জড়িত হৈ আহিছে । চীন আৰু ভাৰত দুয়ো ইয়াত নিজৰ উপস্থিতি নিশ্চিত কৰিব বিচাৰে ।