মেথি হৈছে অতি সুগন্ধিযুক্ত বীজ যাক সাধাৰণতে মছলা হিচাপে ব্যৱহাৰ কৰা হয় । ই কেৱল ৰুচিৰ ক্ষেত্ৰতে অতুলনীয় নহয় বৰঞ্চ ই স্বাস্থ্যৰ বাবেও অগণন উপকাৰ প্ৰদান কৰে । মেথিত পুষ্টিকৰ উপাদানৰ অভাৱ নাই, ইয়াত আঁহ, প্ৰটিন, কাৰ্ব, ফেট, আইৰণ আদি পুষ্টিকৰ উপাদানৰ ভাল উৎস । আমি কিয় ইয়াক সেৱন কৰিব লাগে জানো আহক ।
মেথ গুটিৰ উপকাৰীতাঃ
ডায়েবেটিছ মেনেজমেন্ট-
মেথি গুটিয়ে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত সহায় কৰিব পাৰে । ইয়াত মমৰ্ডিচিন নামৰ এক অনন্য সক্ৰিয় যৌগ থাকে, যিয়ে ইনচুলিন নিঃসৰণত সহায় কৰে ।
ওজন হ্ৰাস কৰা-
মেথি গুটিয়ে ওজন কমোৱাত সহায় কৰিব পাৰে, কাৰণ ইয়াত ফেটি এচিড আৰু আঁহ থাকে, যিয়ে ভোক কমায় যাতে আমি আমাৰ খাদ্য কম কৰিব পাৰো ।
হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নতি কৰে-
মেথিৰ গুটিত এন্টিঅক্সিডেন্ট আৰু ফাইবাৰ থাকে, যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে আৰু কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পাৰে ।
হজম শক্তি উন্নত কৰে-
মেথি গুটিয়ে হজম শক্তি উন্নত কৰিব পাৰে আৰু তাৰ দ্বাৰা কোষ্ঠকাঠিন্য, গেছ, বদহজম আৰু এচিডিটিৰ সমস্যাৰ পৰা সকাহ দিব পাৰে ।
ৰক্তচাপ নিয়ন্ত্ৰণ-
মেথি গুটিয়ে ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰিব পাৰে, সেয়েহে উচ্চ ৰক্তচাপত আক্ৰান্ত ৰোগীয়ে নিশ্চিতভাৱে ইয়াক গ্ৰহণ কৰা উচিত ।
চুলি মজবুত কৰে-
চুলিত মেথি পেষ্ট লগালে চুলি মজবুত হয় আৰু চুলিৰ বৃদ্ধি ভাল হয় ।
স্তন কেন্সাৰ প্ৰতিৰোধ-
মহিলাসকলে মেথিৰ গুটি খাব লাগে, কাৰণ ইয়াত ফাইটোইষ্ট্ৰজেন থাকে, যিয়ে স্তন কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে ।
ছালৰ বাবে উপকাৰী-
মেথি গুটিৰ পেষ্টে ছালখনক সুস্থ আৰু উজ্জ্বল কৰি তোলাত সহায় কৰিব পাৰে, আৰু দাগ কমোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।
(এই বাতৰিটো কেৱল আপোনাক সজাগ কৰাৰ উদ্দেশ্যেৰে লিখা হৈছে । বাতৰিটো পঢ়ি নিশ্চিতভাৱে ইয়াক গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক ।)