নাদানিয়াৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰা অভিনেতা ইব্ৰাহিম আলী খান শেহতীয়াকৈ পাকিস্তানী চলচ্চিত্ৰ সমালোচক টাইমুৰ ইকবালৰ সৈতে কাজিয়াত লিপ্ত হৈছিল।
সামাজিক মাধ্যমত তেওঁলোকৰ মাজত হোৱা বাকযুদ্ধই শিৰোনাম দখল কৰিছিল।ইব্ৰাহিমে স্বীকাৰ কৰে যে তেওঁ পাকিস্তানী সমালোচকজনক ধমকি দিছিল। ইব্ৰাহিমে কয় যে তেওঁ নিজৰ সীমা অতিক্ৰম কৰিলে, যাৰ বাবে অভিনেতাজনৰ খং উঠিছিল।
অৱশ্যে ইব্ৰাহিমে নিজৰ ভুলটো স্বীকাৰ কৰি লৈ কয় যে কেতিয়াও আৰু এনেকুৱা নহয়। ইব্ৰাহিমে স্বীকাৰ কৰে যে তেওঁ তেনে আচৰণ কৰা উচিত নাছিল।
ইব্ৰাহিমে কয় যে, ‘মই জানো যে মই এনে আচৰণ দিয়া উচিত নাছিল, কিন্তু ৰাজহুৱা তদন্তত মই নতুন।যেতিয়া তেওঁ মোৰ শৰীৰক লৈ মন্তব্য কৰিছিল, তেতিয়া মই অনুভৱ কৰিছিলো যে এইটো অপমানজনক মন্তব্য আছিল। কিন্তু মই এতিয়া আগবাঢ়িছো, আৰু অধিক ভাৰসাম্য বজাই ৰাখিবলৈ চেষ্টা কৰিম।মই এনে কৰিব নালাগিছিল, আৰু কেতিয়াও এনে নহয়’।
উল্লেখ্য যে চলিত বৰ্ষৰ মাৰ্চ মাহত মুক্তি লাভ কৰিছিল ইব্ৰাহিম আলী খান ছবি নাদানিয়া।পাকিস্তানী সমালোচক টাইমুৰ ইকবালে ছবিখনক লৈ নিজৰ মতামত দি আৱৰ্জনা বুলি কৈছিল।
লগতে ইব্ৰাহিমৰ নাকটোক লৈও মন্তব্য কৰিছিল।তাৰ পিছতেই টাইমুৰ ইকবালৰ পৰ্যালোচনাত ক্ষুব্ধ হৈ ইব্ৰাহিমে তেওঁক ইনষ্টাগ্ৰামত ব্যক্তিগত বাৰ্তা প্ৰেৰণ কৰিছিল।টাইমুৰে সেই স্ক্ৰীণশ্বটটো ৰাজহুৱাভাৱে শ্বেয়াৰো কৰিছিল।