প্ৰত্যেক ঘৰতেই সহজেই উপলব্ধ বিভিন্ন গুণেৰে ভৰপূৰ এবিধ উদ্ভিদ হৈছে নৰসিংহ । খাদ্যৰ জুতি বৃদ্ধি কৰিবলৈ ইয়াক বিভিন্ন শাক-পাচলিৰ ভাজি আৰু দালিতো ব্যৱহাৰ কৰা হয় । লগতে চাটনি হিচাবেও বহুতে ইয়াক খাদ্যৰ সৈতে ব্যৱহাৰ কৰে । এই পাতে কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, ইয়াৰ অনেক স্বাস্থ্যজনিত উপকাৰীতাও আছে । যদি আপুনি দৈনিক ইয়াৰ ৭-৮টা পাত চোবাই খাবলৈ আৰম্ভ কৰে, তেন্তে পেটৰ সৈতে জড়িত বিভিন্ন সমস্যা হ্ৰাস পাব পাৰে । ইয়াৰ বাহিৰেও নৰসিংহ পাতৰ আন বহুতো উপকাৰীতা আছে ।
নৰসিংহ পাত চোবাই খোৱাৰ উপকাৰীতা –
-ইয়াৰ এন্টিঅক্সিডেন্টে পেটৰ সমস্যা যেনে আলচাৰ, কোষ্ঠকাঠিন্য, গেছৰ পৰা উপশম ঘটাব পাৰে । দৈনিক নৰসিংহৰ পাত চোবাই খালে বিপাকীয় ক্ৰিয়া বৃদ্ধি পায়, যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে ।
-একে সময়তে নৰসিংহৰ পাতে যকৃতৰ উন্নতি সাধন কৰে । ইয়াৰ বাবে প্ৰস্ৰাৱৰ সহায়ত বিষাক্ত পদাৰ্থবোৰ সহজে আঁতৰি যায়, যাৰ ফলত পেট পৰিষ্কাৰ হৈ থাকে । নৰসিংহৰ পাতৰ গ্লাইচেমিক সূচকাংক কম, যিয়ে তেজৰ শৰ্কৰা নিয়ন্ত্ৰণত সহায় কৰে ।
-চুলিৰ বাবেও নৰসিংহৰ পাত অতি উপকাৰী । ইয়াত ভিটামিন এ, বি, আৰু চি থাকে, যিয়ে চুলি ক’লা আৰু ডাঠ কৰি ৰখাত সহায় কৰে ।
-নৰসিংহৰ পাতে চুলি সৰা ৰোধ কৰাত সহায় কৰে আৰু মূৰৰ ছাল পৰিষ্কাৰ কৰি ৰাখে । নৰসিংহ পাতত থকা এন্টিঅক্সিডেন্ট সমূহে ব্ৰণৰ সমস্যা হ্ৰাস কৰে । ই ছালৰ জ্বলন আৰু ফুলাৰ পৰা সকাহ দিয়াৰ কাম কৰে । ইয়াৰ উপৰিও নৰসিংহৰ পাতত ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে, যাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় ।
নৰসিংহৰ পাত কেনেকৈ খাবঃ
-প্ৰতিদিনে কেইটামান নৰসিংহৰ পাত চোবাই খাব পাৰে ।
-নৰসিংহৰ পাত চাহত দিও খাব পাৰি ।
-তৰকাৰী পাতৰ স্মুদি বা ৰসো খাব পাৰে ।
-আপোনাৰ তৰকাৰী বা শাক-পাচলিৰ ভাজি অথবা দিলাৰ লগতো নৰসিংহ পাত দি খাব পাৰে ।
(এই প্ৰতিবেদনে পৰামৰ্শকে ধৰি কেৱল সাধাৰণ তথ্যহে প্ৰদান কৰে । ই কোনো কাৰণতে যোগ্য চিকিৎসা মতামতৰ বিকল্প নহয় । অধিক তথ্যৰ বাবে সদায় বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ লওক ।)