অষ্ট্ৰেলিয়াৰ কিংবদন্তি ক্ৰিকেটাৰ ষ্টিভ স্মিথে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে । অষ্ট্ৰেলিয়া দলটোৱে স্মিথৰ অধিনায়কত্বত চেম্পিয়নছ ট্ৰফী ২০২৫ খেলিছিল । মঙলবাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত ভাৰতৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হয় অষ্ট্ৰেলিয়া । এই পৰাজয়ৰ লগে লগে দলটো প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হয় । এই মেচৰ পিছতে এতিয়া স্মিথে এদিনীয়া খেলৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছে । তেওঁৰ কেৰিয়াৰৰ শেষৰখন এদিনীয়া মেচ টিম ইণ্ডিয়াৰ বিৰুদ্ধে খেলিছিল ।
ষ্টিভ স্মিথৰ এদিনীয়া কেৰিয়াৰ অতিশয় উজ্জ্বল । অষ্ট্ৰেলিয়াৰ হৈ ১৭০খন মেচত ৫৮০০ ৰান সংগ্ৰহ কৰিছে তেওঁ । এই ফৰ্মেটত স্মিথে ১২টা শতক আৰু ৩৫টা অৰ্ধশতক অৰ্জন কৰিছে । তেওঁৰ এদিনীয়া সৰ্বোত্তম স্ক’ৰ হৈছে ১৬৪ ৰান । অষ্ট্ৰেলিয়াৰ হৈ বহু ডাঙৰ ডাঙৰ মেচত স্মিথে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে । ভাৰতৰ বিৰুদ্ধেও তেওঁ ভাল প্ৰদৰ্শন আগবঢ়াইছে । কিন্তু এতিয়াৰ পৰা আৰু তেওঁক এদিনীয়া ক্ৰিকেটত খেলা দেখা নাযাব ।
অৱসৰৰ সন্দৰ্ভত কি ক’লে ষ্টিভ স্মিথে ?
খবৰ অনুসৰি স্মিথে অৱসৰৰ পিছত কয় যে প্ৰতিটো মুহূৰ্ত মোৰ বাবে গুৰুত্বপূৰ্ণ হৈ আহিছে । এক আচৰিত যাত্ৰা আছিল । মোৰ কেৰিয়াৰৰ সময়ছোৱাত বহুত ভাল স্মৃতি সংগ্ৰহ কৰিছো । দুটা বিশ্বকাপ জয় কৰাটো মোৰ কেৰিয়াৰৰ আটাইতকৈ গৌৰৱময় মুহূৰ্ত আছিল । এতিয়া আন খেলুৱৈসকলৰ বাবে এদিনীয়া বিশ্বকাপ ২০২৭ৰ বাবে প্ৰস্তুতি চলোৱাৰ এক ভাল সুযোগ ।
ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ শোচনীয় পৰাজয়-
অষ্ট্ৰেলিয়াৰ পৰাজয়ৰ পিছত ষ্টিভ স্মিথে অৱসৰৰ কথা ঘোষণা কৰে । চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল অষ্ট্ৰেলিয়া । কিন্তু এই মেচত ভাৰতৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় দলটো । ছেমি ফাইনেলত ষ্টিভ স্মিথে ৭৩ ৰানৰ ইনিংছ খেলে ।
ভাৰতৰ বিৰুদ্ধে স্মিথৰ এদিনীয়া প্ৰদৰ্শন-
স্মিথে টিম ইণ্ডিয়াৰ বিৰুদ্ধে কেৰিয়াৰৰ সময়ছোৱাত ৩০খন এদিনীয়া মেচ খেলিছিল । এই সময়ছোৱাত তেওঁ ১৩৮৩ ৰান সংগ্ৰহ কৰে । টিম ইণ্ডিয়াৰ বিৰুদ্ধে ৫টা শতক আৰু ৭টা অৰ্ধশতক অৰ্জন কৰিছে স্মিথে । ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক এদিনীয়া ৰান সংগ্ৰহ কৰিছে স্মিথে । ইংলেণ্ডৰ বিৰুদ্ধে তেওঁ ৪০খন খেল খেলিছে । এই সময়ছোৱাত তেওঁ ১২৪৫ ৰান সংগ্ৰহ কৰিছে । ইংলেণ্ডৰ বিৰুদ্ধে স্মিথে এটা শতক আৰু ৬টা অৰ্ধশতক অৰ্জন কৰিছে ।