নতুন বাহনৰ দাম বেছি হোৱাৰ বাবে কেতিয়াবা কেতিয়াবা মানুহে পুৰণি বাহন ক্ৰয় কৰে । কেৱল এয়াই নহয়, ভাৰতত পুৰণি গাড়ী ক্ৰয়-বিক্ৰয়ৰ বজাৰো যথেষ্ট বৃদ্ধি পাইছে । যদি আপুনি পুৰণি গাড়ী কিনাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াৰ বাবে আপুনি এতিয়াৰে পৰা অধিক মূল্য দিব লাগিব ।
এই লোকসকলৰ পকেটত পোনপটীয়াকৈ প্ৰভাৱ পৰিব-
৫৫ সংখ্যক বৈঠকত জি এছ টি পৰিষদে ব্যৱহৃত গাড়ীৰ ওপৰত কৰ ১২%ৰ পৰা ১৮%লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এইদৰে পুৰণি গাড়ী কিনা মানুহৰ পকেটত প্ৰত্যক্ষ প্ৰভাৱ পৰিবলৈ গৈ আছে । পৰিষদে নিৰ্ধাৰণ কৰা নতুন হাৰ কেৱল পুৰণি বাহন খণ্ডত কাম কৰা কোম্পানী বা ডিলাৰৰ দ্বাৰা ক্ৰয় কৰা বাহনৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব ।
ব্যক্তিগত ক্ৰেতাৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব জি এছ টিৰ হাৰ-
সহজ ভাষাত ক’বলৈ গ’লে যদি আপুনি পঞ্জীয়নভুক্ত ডিলাৰৰ জৰিয়তে আপোনাৰ ব্যৱহৃত গাড়ী বিক্ৰী কৰিছে তেন্তে জি এছ টি প্ৰযোজ্য হ’ব । কিন্তু যদি আপুনি গাড়ীখন পোনপটীয়াকৈ বিক্ৰী কৰি আছে তেন্তে এই জি এছ টি দিব নালাগে । এইদৰে সঠিক মূল্য নিৰ্ধাৰণ কৰাৰ সময়ত এই কথা মনত ৰাখিব লাগিব ।
ব্যৱহৃত গাড়ীৰ নতুন জি এছ টি ৰেট ব্যক্তিগত ক্ৰেতাৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব । অৰ্থাৎ যদি আপুনি কাৰোবাৰ পৰা পোনপটীয়াকৈ এখন পুৰণি গাড়ী কিনে তেন্তে ১৮ শতাংশ জি এছ টিৰ পৰিৱৰ্তে মাত্ৰ ১২ শতাংশ কৰ দিব লাগিব ।
পুৰণি গাড়ীৰ বিক্ৰীত প্ৰভাৱ পৰিব-
ইয়াৰ উপৰিও ব্যৱহৃত বৈদ্যুতিক বাহন বিক্ৰীৰ ক্ষেত্ৰত ১৮ শতাংশ জি এছ টি দিব লাগিব । অৱশ্যে নতুন ইভি ক্ৰয় কৰিলে ৫ শতাংশ জি এছ টি দিব লাগিব । জি এছ টিৰ হাৰ বৃদ্ধিৰ বাবে নতুন আৰু পুৰণি গাড়ীৰ দামৰ পাৰ্থক্য হ্ৰাস পাবলৈ গৈ আছে । ইয়াৰ উপৰিও পুৰণি গাড়ীৰ বিক্ৰীও প্ৰভাৱিত হ’ব ।