সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ পৰা নাম প্ৰত্যাহাৰ কৰিলে অনুৰাধা শৰ্মা পূজাৰীয়ে। সাহিত্য সভাৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা নকৰে লেখিকা গৰাকীয়ে। সভাপতি নিৰ্বাচনৰ প্ৰচলিত নিৰ্বাচনী প্ৰক্ৰিয়ালৈ যাব খোজা নাই পূজাৰী।
লিখিতভাৱে সাহিত্য সভাক এই কথা জনালে অনুৰাধা শৰ্মা পূজাৰীয়ে। ব্যক্তিগত কাৰণত এই সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকলৈ পত্ৰ প্ৰেৰণ কৰিলে অনুৰাধা শৰ্মা পূজাৰীয়ে। ৫ জনীয়া পেনেলৰ পৰা নাম প্ৰত্যাহাৰ অনুৰাধা শৰ্মা পূজাৰীৰ ।
সাহিত্য সভাৰ সভাপতি পেনেলত নাম সন্নিৱিষ্ট পাঁচোগৰাকী বিশিষ্ট সাহিত্যকলৈ সভাই এখন সন্মতি পত্ৰ প্ৰেৰণ কৰিছিল। সেই প্ৰসংগতে ১৪ নবেম্বৰ ২০২৪ত অনুৰাধা শৰ্মা পূজাৰীয়ে এই পেনেলৰ পৰা তেওঁৰ নাম প্ৰত্যাহাৰ কৰিবলৈ সভাৰ প্ৰধান সম্পাদকলৈ ইয়াৰ প্ৰত্যুত্তৰ প্ৰেৰণ কৰে।
পত্ৰখনত তেওঁ লিখিছে যে ‘তালিকাত নাম প্ৰস্তাৱ কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা। কিন্তু এতিয়াই সাহিত্য সভাৰ সভাপতিৰ গুৰুদায়িত্ব ল’বলৈ মই অপাৰগ। এই সংক্ৰান্তত বিনম্ৰভাৱে জনাব খুজিছো যে ইতিমধ্যে সংবাদ মাধ্যমযোগে প্ৰকাশিত তালিকা অনুসৰি সভাপতি পদৰ বাবে প্ৰস্তাৱিত আন ৪জন প্ৰাৰ্থী আটাইকেইজনে অসমীয়া ভাষা- সাহিত্যৰ ক্ষেত্ৰখনলৈ যথেষ্ট অৰিহণা যোগোৱা জ্যেষ্ঠ ব্যক্তি’।
‘গতিকে ওপৰোক্ত ৪জন ব্যক্তিৰ মাজৰ পৰা এজন ব্যক্তিক নিৰ্বাচনৰ আওতালৈ ননাকৈ সৰ্বসন্মতক্ৰমে মনোনীত কৰিলে আমি অত্যন্ত সুখী হ’ম। যিহেতু মই নিজেও সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ প্ৰচলিত নিৰ্বাচনী প্ৰক্ৰিয়াটোলৈ যাব খোজা নাই, গতিকে, মই মোৰ নাম উক্ত তালিকাখনৰ পৰা প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনালো’।
অসম সাহিত্য সভাৰ ভৱিষ্যতৰ সকলো কামত সহায় সহযোগীতা কৰি যাব বুলিও কয় অনুৰাধা শৰ্মা পূজাৰীয়ে।