অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা জিমনাষ্ট দীপা কৰ্মকাৰে সোমবাৰে, অক্টোবৰ ৭ তাৰিখে খেলৰ পৰা অৱসৰ ঘোষণা কৰে । ছ’চিয়েল মিডিয়াত দিয়া এক আৱেগিক পোষ্টত দীপাই এই সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰে । লগতে তেওঁ ভৱিষ্যতে এগৰাকী প্ৰশিক্ষক বা পৰামৰ্শদাতাৰ ভূমিকা লোৱাৰো ইংগিত দিয়ে । পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হোৱাৰ পিছত দীপাই এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে ।
৩১ বছৰীয়া দীপা কৰ্মকাৰে ছ’চিয়েল মিডিয়াত তেওঁ কয় “ব হুচিন্তাৰ পিছত, মই জিমনাষ্টিকৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছো । এই সিদ্ধান্তটো মোৰ বাবে সহজ নাছিল, কিন্তু এতিয়া সঠিক সময়ৰ দৰে অনুভৱ হৈছে । জিমনাষ্টিকছ মোৰ জীৱনৰ এক বৃহৎ অংশ হৈ আহিছে, আৰু মই প্ৰতিটো মুহূৰ্তৰ বাবে কৃতজ্ঞ- উত্থান, পতন আৰু মাজত থকা সকলোবোৰ ।”
তেওঁ লগতে কয়,”মোৰ মনত আছে পাঁচ বছৰীয়া দীপাক কোৱা হৈছিল যে ভৰিৰ বাবে তেওঁ কেতিয়াও জিমনাষ্ট হ’ব নোৱাৰে । আজি মই মোৰ সাফল্যবোৰলৈ চাই অপৰিসীম গৌৰৱ অনুভৱ কৰিছো । বিশ্ব মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰা, পদক জয় কৰা আৰু আটাইতকৈ বিশেষ, ৰিঅ’ অলিম্পিকত প্ৰডুনোভা ভল্ট প্ৰদৰ্শন কৰাটো মোৰ কেৰিয়াৰৰ আটাইতকৈ স্মৰণীয় মুহূৰ্ত । আজি সেই সৰু দীপাক দেখি মোক বহুত সুখী কৰি তুলিছে কিয়নো তাই সপোন দেখিবলৈ সাহস পাইছিল ।”
তেওঁ আৰু কয়, “তাচখন্দত অনুষ্ঠিত এছিয়ান জিমনাষ্টিক চেম্পিয়নশ্বিপত মোৰ অন্তিম বিজয় এটা টাৰ্ণিং পইণ্ট আছিল কিয়নো তেতিয়ালৈকে মই ভাবিছিলো যে মই মোৰ শৰীৰক আৰু আগুৱাই নিব পাৰোঁ, কিন্তু কেতিয়াবা মনে নামানিলেও আমাৰ শৰীৰে আমাক কয় যে এতিয়া বিশ্ৰামৰ সময় ।”
উল্লেখ্য যে, ৰিঅ’ত, দীপাই অতি প্ৰত্যাহ্বানপূৰ্ণ প্ৰডুনোভা ভল্ট প্ৰদৰ্শন কৰিছিল, যি জিমনাষ্টিকছৰ আটাইতকৈ বিপদজনক ভল্টবোৰৰ ভিতৰত এটা আৰু ভল্ট ফাইনেলত সামগ্ৰিক ১৫.০৬৬ পইন্টৰ সৈতে তেওঁ চতুৰ্থ স্থান লাভ কৰিছিল । এই প্ৰদৰ্শন ব্ৰঞ্জৰ পদকৰ পৰা কেৱল ০.১৫ পইণ্টৰ দূৰত আছিল ।
দীপা কৰ্মকাৰক ২০১৬ চনত খেল ৰত্ন আৰু ২০১৭ চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল । ভাৰতীয় জিমনাষ্টগৰাকীয়ে ৰিঅ’ অলিম্পিকৰ যুগান্তকাৰী প্ৰদৰ্শনীৰ পিছত এটা প্ৰজন্মৰ যুৱক-যুৱতীক এই খেলত অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল ।
অলিম্পিকত আত্মপ্ৰকাশ কৰাৰ পূৰ্বে, দীপাই ইতিমধ্যে অন্যান্য সন্মানীয় প্ৰতিযোগিতাত প্ৰভাৱ পেলাইছিল । ২০১৪ চনত, তেওঁ গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত মহিলাৰ ভল্ট ফাইনেলত ব্ৰঞ্জৰ পদক জিকিছিল আৰু এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছিল । তেওঁ ২০১৫ চনত হিৰোছিমাত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰে আৰু ২০১৫ চনৰ বিশ্ব আৰ্টিষ্টিক জিমনাষ্টিক চেম্পিয়নশ্বিপত পঞ্চম স্থান লাভ কৰিছিল ।