উত্তৰ প্ৰদেশৰ বালিয়া জিলাৰ মানিয়াৰ আৰক্ষী থানা অঞ্চলত এজন চিকিৎসকৰ অৱহেলাৰ বাবেই এজন ১২ বছৰীয়া শিশু মৃত্যু হয়।
জানিব পৰা মতে মঙলবাৰে নিশা হঠাৎ শিশুটোৰ স্বাস্থ্যৰ অৱনতি ঘটাত, পিতৃ-মাতৃয়ে স্থানীয় ব্যক্তিগত চিকিৎসক ফিৰোজৰ ওচৰলৈ লৈ গৈছিল শিশুটিক। য’ত চিকিৎসক গৰাকীয়ে তেওঁক এটা বেজী দিছিল।
কিন্তু বেজী দিয়াৰ লগে লগে শিশুটিৰ অৱস্থা ইমানেই বেয়া হৈ পৰে যে তেওঁ মুখৰ পৰা ফেন ওলাবলৈ আৰম্ভ কৰে।ইয়াৰ পিছত, পৰিয়ালটোৱে শিশুটিক চৰকাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়, য’ত চিকিৎসকে শিশুটিক মৃত ঘোষণা কৰে।আঞ্চৰ মৃত্যুৰ পিছত, পৰিয়ালটোৱে বুধবাৰে আৰক্ষীৰ ওচৰত এটা গোচৰ দাখিল কৰে।
গোচৰটোক লৈ আৰক্ষীয়ে তদন্ত কৰি ড০ ফিৰোজক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পাইছিল যে ডাঃ ফিৰোজৰ কেৱল ঔষধ বিক্ৰী কৰাৰ অনুজ্ঞাপত্ৰ আছিল কিন্তু বেজী দিয়াৰ অনুজ্ঞাপত্ৰ নাছিল তেওঁৰ ।
তথাপিও, তেওঁ শিশুটোক বেজী দিছিল, যাৰ ফলত মৃত্যু হৈছিল আঞ্চৰ। চিকিৎসকৰ ভুলৰ বাবেই প্ৰাণ গ’ল শিশুৰ। পাৰে। উফি দূৰ কৰাৰ লগতে আপোনাৰ চুলিও ভাল হ’ব।