ভাৰতীয় উইকেটকীপাৰ বেটছমেন ঈশান কিষণে আই পি এল ২০২৫ৰ দলৰ প্ৰথমখন মেচত বিস্ফোৰক বেটিং কৰি শতক অৰ্জন কৰে । আই পি এলত এয়া তেওঁৰ প্ৰথমটো শতক । ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ খেলা ঈশান কিষণে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে মাত্ৰ ৪৫টা বলত এই শতক সম্পূৰ্ণ কৰে । তেওঁ ৰাজস্থানৰ প্ৰতিজন বলাৰক নিৰ্দয় প্ৰহাৰ কৰি এই শতক অৰ্জন কৰে । উল্লেখ্য যে এইখন আছিল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ ঈশান কিষণৰ অভিষেক মেচ । ঈশানে ৪৭টা বলত ১০৬ ৰানৰ অপৰাজিত ইনিংছ খেলে ।
১১টা চাৰি, ৬টা ছয় আৰু ১০৬ ৰানৰ অপৰাজিত ইনিংছ-
তিনি নম্বৰত বেটিং কৰিবলৈ আহি ঈশান কিষণে প্ৰথম বলৰ পৰাই মাৰমুখী বেটিং কৰে । প্ৰথমে ধুমুহাময় ৰূপত তেওঁ অৰ্ধ শতক সম্পূৰ্ণ কৰে । শতকৰ ওচৰ চাপি অহাৰ লগে লগে সন্দীপ শৰ্মাৰ একেৰাহে দুটা বলত ঈশানে ছয় আৰু তাৰ পিছত ২ ৰান সংগ্ৰহ কৰি আই পি এলৰ ইতিহাসত প্ৰথমটো শতক অৰ্জন কৰে । ১০৬ ৰানৰ বিস্ফোৰক ইনিংছ খেলি অপৰাজিত হৈ থাকে ঈশান । এই ইনিংছত ঈশানে ১১টা চাৰি আৰু ৬টা ছয় কোবাই । ইয়াৰ পূৰ্বে আই পি এলত তেওঁৰ সৰ্বোচ্চ স্ক’ৰ আছিল ৯৯ ৰান ।
ঈশান কিষানৰ বিস্ফোৰক শতক-
ঈশান কিষণে আকৌ এবাৰ প্ৰমাণ কৰিলে যে তেওঁ কেনেধৰণৰ বেটছমেন । টিম ইণ্ডিয়াৰ বাহিৰত থকা এইগৰাকী বেটছমেনে আই পি এল ২০২৫ৰ প্ৰথমখন মেচতে উজ্জ্বল বেটিং কৰি বলাৰসকলক ব্যতিব্যস্ত কৰি তোলে । একেৰাহে কেইবাটাও ছিজন মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলা ঈশান কিষণক আই পি এল ২০২৫ৰ মেগা নিলামৰ পূৰ্বে মুকলি কৰি দিছিল এম আই ফ্ৰেঞ্চাইজিয়ে । নিলামত ডাঙৰ বাজি খেলি এছ আৰ এইচে ১১.২৫ কোটি টকাত এই বিস্ফোৰক বেটছমেনজনক ক্ৰয় কৰে আৰু ঈশানে প্ৰথমখন মেচতে শতক অৰ্জন কৰি নিজৰ উদ্দেশ্য স্পষ্ট কৰি দিলে ।